ড্ৰাগছ আসক্ত পুত্ৰই প্ৰহাৰ কৰিলে পিতৃক, এজাহাৰ লৈ থানাত পিতৃ….

ড্ৰাগছ আসক্ত পুত্ৰই প্ৰহাৰ কৰিলে পিতৃক,  এজাহাৰ লৈ থানাত পিতৃ….

ডিজিটেল সংবাদ , নগাঁও : পুত্ৰৰ অভিযোগ লৈ পিতৃ পুৱাই পালেগৈ আৰক্ষী থানা ৷ পুত্ৰৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ৷ এজাহাৰ দাখিল কৰি বিচাৰিলে ন্যায় ৷ জানিব পৰা মতে ড্ৰাগছৰ বাবে সংঘটিত হৈছে এই অঘটন ৷ ড্ৰাগছ আসক্ত পুত্ৰই পিতৃক আক্ৰমন কৰি ধৰাশায়ী কৰে ৷ উপায়ন্ত হৈ পুত্ৰৰ শাস্তি বিচাৰিলে পিতৃয়ে ৷ পুত্ৰৰ শাস্তি বিচাৰি পিতৃয়ে আৰক্ষীৰ ওচৰ দাখিল কৰিলে এজাহাৰ ৷

নগাঁৱৰ কচলুখোৱাত ড্ৰাগছক কেন্দ্ৰ কৰি এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷ গুলীবিদ্ধ হয় ছাত্ৰ নেতা কীৰ্তি কমল বৰা ৷ কীৰ্তি কমলক বিনা দোষত গুলীচালনা কৰা বুলি ৰাজ্য জুৰি প্ৰতিবাদ আৰম্ভ ৷ চৰকাৰে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা চলাইছে তদন্ত ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনা ডি এছ পি পৰ্যায়ৰ বিষয়াৰ দ্বাৰা কৰোৱাইছে তদন্ত ৷ গুলীচালনাৰ ঘটনাৰে জৰিত এন্টি নাৰ্কিটিক স্কোৱাডৰ দলটোক নগাঁৱৰ আৰক্ষী অধীক্ষকে ৰিৰ্জাভ ক্ল'জ কৰাই নহয় টীমটো ভাঙি পেলাইছে ৷ তাৰ মাজটো চলিছে প্ৰতিবাদ ৷

প্ৰশ্ন হৈছে নগাঁৱৰ কচলুখোৱাৰ ঘটনাৰ আলম লৈ ড্ৰাগছ আসক্ত বা ড্ৰাগছ ব্যৱসায়ী উৎফুলিত হৈছে নেকি ? কিয়নো ড্ৰাগছৰে জৰিত চক্ৰটি যথেষ্ট শক্তিশালী ৷ ড্ৰাগছ ব্যৱসায়ী চক্ৰ কচলুখোৱাৰ ঘটনাৰ আলম লৈ উৎসাহিত হৈছে নেকি ? ড্ৰাগছ আসক্ত সকল এই ঘটনাক লৈ উৎফুল্লিত হৈছে নেকি ? এনে অযুত প্ৰশ্নৰ অবকাশ আহি পৰিছে ৷ কিয়নো নগাঁৱতে শুক্ৰবাৰে সংঘটিত হল পুত্ৰৰ দ্বাৰা পিতৃক আক্ৰমন ৷ এই বাতৰিটোত আমি এজাহাৰকাৰী পিতৃৰ নাম উল্লেখ কৰিব বিছৰা নাই ৷ বিচৰা নাই পুত্ৰজনৰো পৰিচয় ৷
অতি ক্ষোভেৰে পিতৃয়ে আৰক্ষীক এজাহাৰ দি কলে সি আগতেও ড্ৰাগছ লয় ৷ মই চিকিৎসা কৰোৱাইছো ৷ দুবাৰকৈ ৰিহেবত ৰাখিছো ৷ কালি ৰাতি সি শুৱা নাই ৷ পুৱতি নিশা চাৰি বাজি ত্ৰিশ মিনিট মানত প্লাষ্টিকৰ খালি বটল লৈ টেবুল আদি মৰিয়াই আছে ৷ বিচনাৰ পৰা উঠি কি হল কি হল বুলি প্ৰশ্ন কৰিলো ৷ প্ৰশ্ন কৰোতে পৰিবেশটো বেয়া হৈ গল ৷ সি হাতত প্লাষ্টিকৰ কিবা ৰচি জাতীয় বস্তু বান্ধি ৰাখিছিল ৷ তাৰে মোক আক্ৰমন কৰিলে ৷ মই ভবাই নাছিলো ৷

পুত্ৰৰ আক্ৰমনত পিতৃ চকু, কপাল আদিত ৰক্তক্ষয়ন হয় ৷ যাব লগা হয় চিকিৎসালয় ৷ পিতৃয়ে পুৱা ৬-৩০ বজাত আৰক্ষীক অভিযোগ দিয়াৰ পিছত আৰক্ষীয়ে প্ৰায় ৮-৩০ বজাত ঘৰৰ পৰা আটক কৰি থানালৈ আনে ৷ জানিব পৰা মতে আটকাধীন পুত্ৰ উচ্চ শিক্ষা গ্ৰহন কৰি আছে ৷ পলিটেকনিকত পঞ্চম সন্মাশিকৰ ছাত্ৰ জনক লৈ এতিয়া পিতৃ বিবুদ্ধিত পৰিছে ৷

নগাঁও আৰক্ষীয়ে ধাৰাবাহিক ভাবে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পিছত পিতৃৰ প্ৰশ্ন- পুত্ৰই কেনেকৈ সেৱন কৰিবলৈ ড্ৰাগছ পায় ৷ নগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিবনে ? অন্তিমটো কন্টেনাৰ জব্দ কৰি সমাজখনক ড্ৰাগছ মুক্ত কৰিবনে ৷এনে অলেখ প্ৰশ্নই এতিয়া পিতৃক জুমুৰি ধৰিছে ৷ আৰু কোনো অভিভাবকৰ ক্ষেত্ৰত যাতে এনে অভাবনীয় ঘটনা সংঘটিত নহয় সেই আশাও কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in