শেহতীয়া খবৰ
ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

ড্ৰাগছৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ ভাৱে যুঁজ দিবলৈ বিধায়ক ৰূপক শৰ্মা আহ্বান…

ডিজিটেল সংবাদ ,নগাঁওঃ ড্ৰাগছ তথা নিচাযুক্ত ঔষধ এক সামাজিক ব্যাধি ৷ ইয়াৰ ব্যৱহাৰে আমাৰ সমাজখনক অস্থিৰ কৰি তোলে । সেয়ে আমাৰ সমাজখনক নিচাযুক্ত ঔষধৰ কবলৰ পৰা মুক্ত কৰিব লাগিব ৷ ইয়াৰ বাবে আমি সকলোৱে মিলি ঐকবদ্ধ ভাবে যুঁজ দিব লাগিব ৷ “ এই বক্তব্য নগাঁৱৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷

শুক্ৰবাৰে নগাঁৱৰ নেহেৰুৱালিত সামাজিক ,সাংস্কৃতিক যুৱ সংগঠন “উদ্যমৰ”উদ্যোগত আয়োজিত ড্ৰাগছ বিৰোধী ৰেলীত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই লগতে কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাৱে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে । ৰাজ্যখনৰ লগতে নগাঁও জিলাতো বৃহৎ পৰিষৰৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

নিচাযুক্ত ঔষধৰ ব্যৱহাৰে যুৱ প্ৰজন্মক কেনেদৰে ক্ষতি কৰে সেই বিষয়ে উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে – চৰকাৰ তথা আৰক্ষীয়ে নিচাযুক্ত ঔষধৰ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব ৷কিন্তু ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ বাৱে ৰাইজৰ লগতে স্বেচ্ছাসেৱী সংগঠন আৰু বিশেষকৈ নৱপ্ৰজন্মৰ যুবক- যুৱতী ,ছাত্ৰছাত্ৰী সকল আগবাঢ়ি আহিব লাগিব ৷

অনুষ্ঠানত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত কুমাৰ ভাগৱতী, খাগৰিজান মহাবিদ্যালয় অধ্যক্ষ ড° ৰমেশ নাথ, অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা, সমাজসেবিকা অৰ্চনা তিৱাৰী , সাংবাদিক কনক হাজৰিকা,নিলোৎপল বৰা,নগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা ,উদ্যমৰ সভাপতি মিংকু মহন্তৰ লগতে ময়ূৰী মহন্ত ,কল্যান শইকীয়া আদিয়ে অনুষ্ঠানত অংশগ্ৰহন কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি