সহজলভ্য ড্ৰাগছৰ ঘাটিত পৰিণত নুমলীগড়, ধৃত ২ যুৱক

সহজলভ্য ড্ৰাগছৰ ঘাটিত পৰিণত নুমলীগড়, ধৃত ২ যুৱক

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নুমলীগড় তিনিআলিত ক্ৰমাত বৃদ্ধি পাইছে জুৱা, মদ, ভাং, কানিকে ধৰি ড্ৰাগছৰ বেহা। জানিব পৰা মতে, যোৱা নিশা নুমলীগড় তিনিআলিত দুটা ড্ৰাগছ ব্যৱসায়ীক স্থানীয় ৰাইজে হাতে লোতে ধৰা পেলায়।

ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হল ছিৰাজ আহমেদ(২৪) আৰু প্ৰিয়াংকু তাঁতী(২১)। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা নুমলীগড়ৰ এখন হোটেলৰ পাছফালে দুজন যুৱকে ড্ৰাগছ লৈ থকা অৱস্থাত একাংশ স্থানীয় ৰাইজে ধৰা পেলায়৷

আন একাংশ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ যুৱক দুজনক আটক কৰে। বৰ্তমান ড্ৰাগচ সেৱন কৰা যুৱক দুজনৰ ওপৰত বোকাখাত আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে৷

উল্লেখ্য যে আটকাধীন প্ৰিয়াংকু তাঁতী বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ। দীৰ্ঘদিন ধৰি নুমলীগড়ত ড্ৰাগছৰ ৰমৰমীয়া এখন বজাৰ চলি থকাৰ পিছতো বোকাখাত আৰক্ষী থানাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in