হোজাই আৰক্ষীৰ জালত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী…

হোজাই আৰক্ষীৰ জালত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী…

ডিজিটেল সংবাদ ডবকাঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অৱ্যাহত আছে হোজাই জিলা আৰক্ষী প্ৰশাসনৰ। পুনৰ ডবকা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা ৷ শুকুৰবাৰে এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান ৷

আৰক্ষীৰ এই অভিযানত যমুনামুখৰ এৰাকপিলী গাঁৱৰ পৰা দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ লোকৰ কৱলৰ পৰা ৪ টা চাবোনৰ বাকচ ভৰ্তি সন্দেহজনক হেৰইন জব্দ কৰে ৷
ধৃত লোক দুজন হ'ল ক্ৰমে ডবকা টাউনৰ হুছেইন আহমেদ আৰু নগাওঁ কচুৱা লুটুমাৰিৰ আইনুল হক ৷

পৰৱৰ্তী সময়ত ডবকা চহৰৰ হুছেইন আহমদ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় আৰু চাবোনৰ বাকচত ভৰ্তি সন্দেহজনক হেৰইন আৰু ১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমান ৬৫ গ্ৰাম ৷

ইতিমধ্যে ডবকা আৰক্ষীৰ গোচৰৰ ভিত্তিত যমুনামুখ আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰাখিছে ৷ দুয়োকে সম্প্ৰতি আৰু অধিক তথ্যৰ বাবে মাৰাথান জেৰা অৱ্যাহত ৰাখিছে যমুনামুখ আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in