চিৰাঙৰ বিজনীত পুণৰ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ্ সহ এজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক…

চিৰাঙৰ বিজনীত পুণৰ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ্ সহ এজন ড্ৰাগছ্ সৰবৰাহকাৰী আটক…

ডিজিটেল সংবাদ, চিৰাং : যুৱ প্ৰজন্মক ধ্বংসকাৰী নিষিদ্ধ ড্ৰাগছ্ সৰবৰাহকাৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখি আজি এক বিশেষ সুত্ৰৰ পোম খেদি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰায় সহযোগত বিজনী থানাৰ আৰক্ষীৰ এটা দলে বিজনী থানাৰ অন্তৰ্গত কাউৱাটিকাত অভিযান চলাই প্ৰেমানুল ইছলাম (২৪) নামৰ এজন নিষিদ্ধ ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে ।

ড্ৰাগছ্ সৰবৰাহকাৰী জনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোয়ে এটা চাবোনৰ বাকচ ভৰ্তি ১২ গ্ৰাম ওজনৰ সন্দেহজনক ছাইকোট্ৰপিক, ৬ টা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্তি ছাইকোট্ৰপিক, এটা মোবাইল ফোন, এখন এ এচ – ১৯ এম ৩৩৯৩ পঞ্জীয়ন ভুক্ত হিৰ' গ্লেমাৰ মটৰচাইকেল, এখন এম এল ০৯ এ ২৮৬৯ পঞ্জীয়ন ভুক্ত বিলাসী স্কৰপিও বাহন জব্দ কৰে ।

ধৃত ড্ৰাগছ্ সৰবৰাহকাৰী জনৰ ঘৰ বিজনী চহৰৰ নিষিদ্ধ ড্ৰাগছ্ ৰ ঘাটি ৰূপে ইতিমধ্যে চিহ্নিত হোৱা কাউৱাটিকাত । এই সংক্ৰান্তত বিজনী থানাত এখন গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য চলিত সপ্তাহটোত যথেষ্ট পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ্ সহ কেইবাজনো ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in