ধেমাজিত প্ৰায় ১২ লক্ষ্যাধিক টকাৰ ড্ৰাগছত প্ৰশাসনে লগালে জুই…

ধেমাজিত প্ৰায় ১২ লক্ষ্যাধিক টকাৰ ড্ৰাগছত প্ৰশাসনে লগালে জুই…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত ধেমাজি তুলশীবাৰী সংৰক্ষিত আৰক্ষী চাউনিত ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দাহন কৰা এই ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ ভিতৰত আছে ব্ৰাউন ছুগাৰ ১০০ গ্ৰাম , হিৰ'ইন ১৩২ গ্ৰাম, গাঞ্জা ৭৮. ৮৮০ কেজি আৰু কাণি ১.১৮৮ কেজিসহ আনুমানিক ১২ লক্ষ্যাধিক টকাৰ মূল্যৰ ড্ৰাগছ।

এই ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী দাহন কৰাৰ সময়ত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা , ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা , অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালা , জিলা তথ্য আৰু জন সংযোগ বিষয়া বিকাশ শৰ্মাকে ধৰি আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in