বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতীৰ বিয়োগত শোকস্তব্ধ বিদ্বৎ সমাজ

বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতীৰ বিয়োগত শোকস্তব্ধ বিদ্বৎ সমাজ

ডিজিটেল ডেস্কঃ বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা সমাজ সেৱক দ্ৰোণ ভাগৱতীৰ মৃত্যুত শোকস্তব্ধ বিদ্বৎ সমাজ। মাজুলীত সমাজ সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু সত্ৰীয়া, সংস্কৃতি তথা কৃষ্ণ দৰ্শনৰ বিশিষ্ট গৱেষকগৰাকীৰ মঙলবাৰে পুৱা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। কিছুদিন আগৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত হ'লেও মঙলবাৰৰ মাজ নিশা পৰ্যন্ত সুস্থ হৈ থকা ৯৩ বছৰীয়া দ্ৰোণ ভাগৱতীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে পুৱা প্ৰায় ৪ বজাত গুৱাহাটীৰ ছেক্টৰ ১ স্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ সেউজ নগৰ টিলাত থকা বাসভৱনৰ পৰা বৰপুত্ৰ হেমন্ত ভাগৱতীসহ পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু পুৱা ৭.৩০ বজাত চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ইফালে, তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মাজুলীত থকা বাসভৱনত সমাজ ক্ষেত্ৰৰ বিভিন্ন বৈৰণ্য ব্যক্তি সমবেত হৈ তাত থকা সৰু পুত্ৰসহ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিশিষ্ট সমাজ সংগঠক তথা বৈষ্ণৱ পণ্ডিত গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

একেদৰে সেউজ নগৰ টিলাৰ নামঘৰ পথত থকা বাসভৱনৰ সমবেত হয়হি বৃহৎ সংখ্যক লোক। উল্লেখ কৰাৰ প্ৰয়োজন যে, বয়স বাঢ়ি অহাৰ পাছত গুৱাহাটীৰ উক্ত বাসভৱনতে অধিক সময় কটোৱা দ্ৰোণ ভাগৱতী নুনমাটি অঞ্চলৰো বিভিন্ন শৈক্ষিক , সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। সেয়েহে চিকিৎসালয়ৰ পৰা মৃতদেহ এই বাসভৱনলৈ অনাৰ সময়লৈকে নুনমাটিৰ ছেক্টৰ ১ আদি অঞ্চলৰ বিভিন্ন লোকৰ লগতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্বাধিকাৰ জয়ন্ত বৰুৱা, মহাপ্ৰবন্ধক মৃণ্ময় দে' সহ জ্যেষ্ঠ সাংবাদিক-সংবাদ কৰ্মীসকলো উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সূদৰ্শন ঠাকুৰ, নুনমাটি সাহিত্য সভাৰ বিষয়ববীয়া সকল, পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ বিষয়ববীয়াসহ মুকুট সিংহ চুতীয়া, চুনচালি হাইস্কুল, এল পি স্কুল, নুনমাটি পাব্লিক স্কুল, সেউজ নগৰ টিলা উন্নয়ন সমিতিৰ বিভিন্ন বিষয়ববীয়া, শিল্পী জয়ন্ত ভাগৱতী, দিলীপ দাসকে প্ৰমুখ্য কৰি ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি প্ৰদানেৰে শেষ শ্ৰদ্ধা জনায়। ইফালে, মাজুলীত থকা পৰিয়ালৰ সদস্য গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সন্ধিয়া নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ বৰপুত্ৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ এগৰাকী কাৰ্যবাহী হেমন্ত ভাগৱতী সহ তিনিও পুত্ৰ কন্যাৰ উপৰি বৃহৎ সংখ্যক গুণমুগ্ধৰ উপস্থিতিত এই অন্ত্যষ্টিক্ৰিয়া সম্পন্ন হয়।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভাগৱতীৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৭ ডিচেম্বৰত গড়মূৰ সত্ৰত। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় লোকনাথ গোস্বামী আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া গোলাপী দেৱী। গড়মূৰতে প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি মাজুলী কমলাবাৰী হেমচন্দ্ৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ দেউনা উত্তীৰ্ণ হৈ তেওঁ যোৰহাটৰ জে বি কলেজ আৰু মাজুলী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কলকাতাৰ বিশ্ব ভাৰতী বিশ্ব বিদ্যালয়ৰ পৰা গ্ৰামীণ উচ্চ শিক্ষাৰ স্নাতক ভাগৱতীয়ে ১৯৫৪ চনত গ্ৰাম সেৱক পদত যোগদান কৰে।

সমুহীয়া উন্নয়ন যোজনাৰ অধীনত উন্নয়নমূলক কামৰ প্ৰতিযোগিতাত ১৯৬০ চনত ৰাজ্যৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰা ভাগৱতীয়ে ১৯৭৪ ৰ পৰা ১৯৭৯ চনলৈকে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মৰত আছিল। ১৯৮৪ চনত খণ্ড উন্নয়ন পদলৈ পদোন্নতি পোৱা ভাগৱতীয়ে ১৯৮৫ ৰ পৰা ১৯৯২ চনলৈকে ভাৰপ্ৰাপ্ত জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া হিচাপে কাম কৰিছিল। সত্ৰীয়া সংস্কৃতিৰ লগতে সামাজিক কামৰ লগত জড়িত ভাগৱতীৰ মাজুলী প্ৰসংগত ভাৰত চৰকাৰৰ পত্নতত্ত্ব জৰীপ বিভাগে সমল ব্যক্তি ৰূপেও নিৰ্বাচিত কৰিছিল। ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা ২০১৪ চনত লাভ কৰা ভাগৱতীক ২০১৬ চনত মাজুলী শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘই চিৰ সেউজ উপাধী প্ৰদান কৰিছিল।

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ভাগৱতী আছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নৈশ শাখাৰ সাংস্কৃতিক সম্পাদক। মাজুলী মহাবিদ্যালয়ত প্ৰতিষ্ঠাপক যুটীয়া সম্পাদক ভাগৱতী অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। ভাৰত-ৰুছ সাংস্কৃতিক সমন্বয় সমিতিৰ মাজুলী শাখাৰ সম্পাদক তথা অবিভক্ত শিৱসাগৰ জিলাৰ সাহিত্য পৰিষদৰো তেওঁ আছিল উপ-সভাপতি।

কেশৱ ৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিকে ধৰি নৱোদয় ব্ৰহ্ম বিদ্যা গুৱাহাটীৰ সভাপতি, অসম ব্ৰহ্ম বিদ্যা সমাজৰ ৰাজ্যিক প্ৰবক্তা, পিতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন কমিটীৰ সভাপতিকে ধৰি বহু অনুষ্ঠানৰ সৈতে তেওঁ জড়িত আছিল। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ভাগৱতীয় তাণ্ডৱ আৰু দশৱতাৰ নৃত্যৰো সাধনা কৰিছিল। বিভিন্ন নাটকত কংশ, নাৰদ, দুৰ্যোধন, উজ্জান দৈত্য, শিৱ নৰকাসুৰ , ৰাৱণ, তিপু চুলতান, পৃথীৰাজ, মণিৰাম দেৱান, ৰাণাপ্ৰতাপ সিংহ আদি চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।

তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্প্ৰিতী, শিলসাঁকো, সত্যৰ সন্ধান, মোৰ জীৱন পৰিক্ৰমা আদি উল্লেখযোগ্য। ৫০ ৰো অধিক তত্ত্বগধূৰ প্ৰবন্ধ লিখা ভাগৱতীক জীৱিত কালত বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাইছিল। মধুমেহ ৰোগত আক্ৰান্ত ভাগৱতীক মঙ্গলবাৰে পুৱতি নিশা গুৱাহাটীস্থিত পুত্ৰৰ গৃহৰ পৰা নেমকেয়াৰ হাস্পতালৈ লৈ যোৱা হৈছিল যদিও তাতেই তেওঁ পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in