দ্ৰৌপদী মুৰ্মুলৈ শুভেচ্ছাৰ বৰষুণঃ চাওঁক কিমান ভোটৰ ব্যৱধানত জয় লাভ কৰিলে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে…

দ্ৰৌপদী মুৰ্মুলৈ শুভেচ্ছাৰ বৰষুণঃ চাওঁক কিমান ভোটৰ ব্যৱধানত জয় লাভ কৰিলে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে…

ডিজিটেল ডেস্কঃ দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দেশৰ আদিবাসী সমাজৰ মাজত উৎসাহৰ ঢল বৈছে। বৃহস্পতিবাৰে দিনৰ ভাগতেই দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাটো নিশ্চিত হোৱাৰ পাছৰে পৰা ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ অসমকে ধৰি কেইবাখনো ৰাজ্যত আদিবাসী সম্প্ৰদায়ৰ লোকসকল আনন্দত মতলিয়া হৈ পৰে। আনহাতে মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত তেওঁক শুভেচ্ছা জনাইছে দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে।

দ্ৰৌপদী মুৰ্মুক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত লিখিলে-"দ্ৰৌপদী মুৰ্মুজী এগৰাকী ব্যতিক্ৰমী বিধায়ক আৰু মন্ত্ৰী আছিল৷ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁৰ এক সুন্দৰ কাৰ্যকাল আছিল। মই নিশ্চিত যে, তেওঁ এগৰাকী উৎকৃষ্ট ৰাষ্ট্ৰপতি হিচাপে প্ৰমাণিত হ'ব যিয়ে আগবাঢ়ি যোৱাৰ পথত নেতৃত্ব দিব আৰু ভাৰতৰ উন্নয়নযাত্ৰা শক্তিশালী কৰিব। "

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, তেওঁৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীসকল আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা দ্ৰৌপদী মুৰ্মুৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জনাইছে।

উল্লেখ্য যে ৰাউণ্ডত মুঠ বৈধ ভোট আছিল ১,৩৩৩ টা টা যাৰ ভেল্যু আছিল ১,৬৫,৬৬৪ । দ্ৰৌপদী মুৰ্মুৱে ইয়াৰে ৮১২ টা ভোট লাভ কৰাৰ বিপৰীতে যশৱন্ত সিনহাই ৫২১ টা ভোট লাভ কৰে। দ্বিতীয় ৰাউণ্ডত, বৰ্ণানুক্ৰমিক ক্ৰমত পৰা প্ৰথম ১০ খন ৰাজ্যৰ বেলট পেপাৰ গণনা কৰা হৈছিল। এই ৰাউণ্ডত মুঠ ১১৩৮ টা ভোট আছিল, যাৰ ভেল্যু আছিল ১,৪৯৫৭৫। ইয়াৰ ভিতৰত দ্ৰৌপদী মুৰ্মুৱে ৮০৯ টা ভোট লাভ কৰে। যাৰ ভেল্যু ১,০৫,২৯৯ আৰু যশৱন্ত সিনহাই লাভ কৰে ৩২৯ টা ভোট যাৰ ভেল্যু ৪৪,২৭৬।

প্ৰথম ৰাউণ্ডৰ অন্তত এইটো জনোৱা হৈছিল যে সাংসদসকলৰ মুঠ বৈধ ভোটৰ সংখ্যা আছিল ৭৪৮, যাৰ ভিতৰত ৫৪০ টা ভোট দ্ৰৌপদী মুৰ্মুৰ সমৰ্থনত আছিল আনহাতে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাই ২০৪ টা ভোট লাভ কৰিছিল। এইদৰেই মুঠ ভোটৰ ৫০ শতাংশৰো অধিক লাভ কৰাৰ বাবে দ্ৰৌপদী মুৰ্মুৰ ৰাইছিনা হিলৰ দুৱাৰ মুকলি হয়। তেওঁ হ'ব দেশৰ প্ৰথমগৰাকী নাগৰিক, স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰো মূৰব্বী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in