আকাশী গংগাৰ তীৰত নাট কৰ্মশালাঃ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অৰ্ধশতাধিকক দিছে নাটকৰ শিক্ষা…

আকাশী গংগাৰ তীৰত নাট কৰ্মশালাঃ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অৰ্ধশতাধিকক দিছে নাটকৰ শিক্ষা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত ৰামধেনু সমন্বয় গোষ্ঠীৰ সহযোগত বটদ্ৰৱাত যোৱা ১ নবেম্বৰৰ পৰা চলি আছে নাট কৰ্মশালা। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰত চলি থকা এই নাট কৰ্মশালাত অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱা, অসমীয়া ধাৰাবাহিক, এমেচাৰ নাটকৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা, পৰিচালক ৰাজীৱ বৰঠাকুৰ, ডা০ জয়শ্ৰী পাঠক, ৰাজকুমাৰ ঠাকুৰ, শোনিত কুমাৰ বৰা, কুমুদ বৰদলৈ, ড০ শুকদেৱে অধিকাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকী নাটক চলচ্চিত্ৰ জগতৰ কলাকুশলীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে।

বটদ্ৰৱাৰ শলগুৰি সত্ৰ, নৰোৱা সত্ৰ, বালিসত্ৰ, নসত্ৰ, ৰাইডঙীয়া, ধিং অঞ্চলৰ শিশু, কিশোৰী কিশোৰী, যুৱক-যুৱতীসহ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি থকা নাটকৰ কৰ্মশালাখনি অহা ৭ নবেম্বৰত সামৰণি পৰিব। সামৰনি অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট অভিনেত্ৰী চেতনা দাস। উল্লেখ্য যে, অসমীয়া নাটকৰ পিতৃপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৈসৰ্গিক পৰিবেশত চলি থকা নাট কৰ্মশালাত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহ প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in