মহাতাৰকা অমিতাভ বচ্চন বৰ্তমান সংকটমুক্তঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া

মহাতাৰকা অমিতাভ বচ্চন বৰ্তমান সংকটমুক্তঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া


সম্প্ৰতি কোৰোনাত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে বিগ বি অমিতাভ বচ্চন। বৰ্ষীয়ান অভিনেতা গৰাকীৰ লগতে কোৰোনাত আক্ৰান্ত হৈছে পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা।ইতিমধ্যে মুম্বাই পৌৰ নিগমে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে বিগ বিৰ বাসভৱন জলশা।

বলিউডৰ মহাতাৰকা গৰাকীৰ আশু আৰোগ্য কামনা কৰি দেশজুৰি পুৰ্জা অৰ্চনা অব্যাহত ৰাখিছে তেওঁৰ অনুৰাগী সকলে। সেই সময়তে এইমছৰ মুখ্য সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰীয়াই জনাইছে যে সম্প্ৰতি বিপদ মুক্ত ছুপাৰষ্টাৰ অমিতাভ বচ্চন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in