সাহিত্যচাৰ্য ড০ ৰমেশ পাঠক আৰু নাই…

সাহিত্যচাৰ্য ড০ ৰমেশ পাঠক আৰু নাই…

ডিজিটেল ডেস্কঃ বিশিষ্ট ভাষাবিদ, ভাষাতত্ববিদ, সাহিত্যিক ৰমেশ পাঠক আৰু নাই। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনগৰত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ পাঠকে। কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ পাঠকৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ মাৰ্চত।

নলবাৰীৰ খলিহাগুৰিত জন্মগ্ৰহণ কৰা ৰমেশ পাঠকে ওৰেটো জীৱন অসমীয়া ভাষা-সাহিত্যৰ হকেই কাম কৰি গৈছিল। ১৯৫২চনত খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৯চনত টিহু হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল বিশিষ্ট ভাষাবিদ গৰাকী।

নলবাৰী কলেজৰ পৰা ইন্দ্ৰামেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৩চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬চনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৮৮চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা ড০ পাঠকে কৰ্মজীৱন আৰম্ভ কৰিছিল তেজু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে।

১৯৬৬ৰ পৰা ১৯৭০চনলৈ তেখেতে অৰুণাচলৰ পাচীঘাটৰ জে এন কলেজত অধ্যাপনা কৰিছিল। ১৯৭০চনৰ নবেম্বৰত তেওঁ যোগদান কৰিছিল গুৱাহাটী কটন কলেজত। ২০০০চনৰ ১ মে'ত অৱসৰ গ্ৰহণ কৰা ড০ পাঠকে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকৃতি অধ্যাপক হিচাপেও ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছিল। সামগ্ৰিক অসমীয়া শব্দকোষ অভিধানৰ প্ৰণেতা আছিল ড০ পাঠক। 

ভাষা আৰু ব্যাকৰণ বিষয়ত ভালে কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল এই বিশিষ্ট সাহিত্যিক গৰাকীয়ে।  তাৰ ভিতৰত ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস, ব্যাকৰণ আৰু প্ৰকৃতি বিজ্ঞান, ষ্টাডিছ ইন আছামিছ ভ'কেলুবেলাৰী, পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ব, অসমীয়া ভাষাৰ বিভিন্ন দিশঃ মত আৰু বিতৰ্কিত মত, উপ ভাষা বিজ্ঞান আৰু অসমীয়া ভাষা , ভাৰতৰ পূবাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব, অসমীয়া ভাষাৰ চৰ্চাকাৰীসকলৰ হাতপুথি, ভাষা বিষয়ক নিৰ্বাচিত প্ৰবন্ধ, সাম্প্ৰতিক অসমীয়া ভাষাৰ সংকট আৰু আমাৰ দায়ৱদ্ধতা আদি গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰোপৰি তেওঁ ৰচনা কৰা আন কেইখনমান গ্ৰন্থ হ'ল- নাটক আৰু নাটক, পুৰণি অসমীয়া সাহিত্য সুভাষ, অগতানুগতিক চিন্তা আৰু অন্যান্য, নামে কি কৰে, থাক ঐ থাক সোমাই থাক, এটা নতুন সূৰ্য লাগে, চন্দ্ৰহাৰা পৃথিৱী, সৃষ্টিৰ দুটা ধাৰা আদি উল্লেখযোগ্য।

তেখেতে সম্পাদনা কৰা গ্ৰন্থসমূহৰ ভিতৰত আছিল কালিয়া দমন, পাৰিজাত হৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলী, কুমাৰ হৰণ আদি। তেখেতৰ আত্মজীৱনী এজন অখ্যাত লোকৰ আত্মজীৱনী যন্ত্ৰস্ত অৱস্থাতে থাকিল। অসম সাহিত্য সভাই তেখেতক সাহিত্যাচাৰ্য উপাধিও প্ৰদান কৰিছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ড০ পাঠকে আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰতো ভালে কেইখন গৱেষণাধৰ্মী লেখা প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, অসম প্ৰকাশন পৰিষদে সোমবাৰে অৰ্থাৎ ২৫ জানুৱাৰী, ২০২০ত তেখেতৰ বাসগৃহলৈ গৈ জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰিছিল। এই বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ গৰাকী দেওবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘূৰি আহিছিল। মঙলবাৰে ৬.৫৩ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যুত অসমীয়া সাহিত্য আৰু ভাষা চৰ্চাৰ ক্ষেত্ৰত এক পূৰণীয় ক্ষতি হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in