ফটো উঠি আত্মপ্ৰচাৰৰ চখঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্যি ড০ মনমোহন সিঙৰ কন্যাই ক’লে, ‘‘মোৰ দেউতা চিৰায়াখানাৰ জন্তু নহয়’’

ফটো উঠি আত্মপ্ৰচাৰৰ চখঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্যি ড০ মনমোহন সিঙৰ কন্যাই ক’লে, ‘‘মোৰ দেউতা চিৰায়াখানাৰ জন্তু নহয়’’

ডিজিটেল ডেস্কঃ ফটো উঠাৰ চখ আৰু আত্মপ্ৰচাৰৰ নিচাৰ বাবেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যক উদ্দশ্য কৰি কটু মন্তব্য কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ কন্যাই। কেৱল কটু মন্তব্য কৰাই নহয়, 'মোৰ দেউতা চিৰিয়াখানাৰ জন্তু' নহয় বুলিও ক'বলৈ বাধ্য হ'ল।

অসুস্থতাৰ বাবে দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। বুধবাৰে স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে ড০ সিঙক ভৰ্তি কৰোৱা হৈছিল এইমছত। ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত গৈ উপস্থিত হৈছিল গৈ স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য।তেওঁ অসুস্থ অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কাষতে ৰৈ থকা অৱস্থাত লগত লৈ যোৱা ফটোগ্ৰাফাৰজনে তুলিছিল এখন ফটো। সেই ফটোৱেই পৰৱৰ্তী সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। ইয়াৰ পিছতে ভাইৰেল হৈ পৰিছিল সেই ফটোখন।

কেৱল ফটো উঠাই নহয়, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ৰ এক ভিডিঅ'ও ভাইৰেল হৈছে। কোৱা হৈছে এই ভিডিঅ'ও স্বাস্থ্যমন্ত্ৰী গৰাকীৰ ফালৰ পৰাই প্ৰচাৰ কৰা হৈছে। য'ত দেখা গৈছে ড০ মনমোহন সিং চিকিৎসালয়ৰ বিচনাত শুই আছে আৰু তেওঁৰ কাষত পত্নী গুৰুশৰণ কৌৰ থিয় হৈ আছে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা সেই ফটো আৰু ভিডিঅ' প্ৰসংগত এতিয়া মুখ খুলিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কন্যাই। ড০ সিঙৰ কন্যা দামন সিঙে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে মোৰ মা-দেউতাই কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোক বৃদ্ধ লোক।চিৰিয়াখানাৰ কোনো জন্তু নহয়।

ড০ সিঙৰ কন্যা দামনে কৈছে, "মোৰ দেউতা এইমছত ডেংগু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা সুস্থিৰ, কিন্তু তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম। সংক্ৰমণৰ আশংকাৰ বাবে আমি তেওঁক সাক্ষাতৰ বাবে অহা ব্যক্তিসকলক নিষিদ্ধ কৰিছো। স্বাস্থ্য মন্ত্ৰীগৰাকী আহি তেওঁৰ উদ্বেগ প্ৰকাশ কৰা দেখি ভাল লাগিছিল। অৱশ্যে, মোৰ মা-দেউতা সেই সময়ত ফটো তোলাৰ অৱস্থাত নাছিল। মোৰ মায়ে ফটোগ্ৰাফাৰ জনক কোঠাটোৰ পৰা ওলাই যাব লাগে বুলি জোৰ দিছিল, কিন্তু মাাক, মাৰ কথাক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in