প্ৰবাসী অসমীয়া চিকিৎসক, সাহিত্যিক ডাঃ কৰুণা সাগৰ দাস আৰু নাই…

প্ৰবাসী অসমীয়া চিকিৎসক, সাহিত্যিক ডাঃ কৰুণা সাগৰ দাস আৰু নাই…

ডিজিটেল ডেস্কঃ প্ৰবাসী অসমীয়া ডাঃ কৰুণা সাগৰ দাস আৰু নাই । বুধবাৰে ৰাতিপুৱা ৫-৩০ মিনিটত তেখেতে লণ্ডনৰ শ্লাওত ইহলীলা সম্বৰণ কৰে ।এক দীঘলীয়া সময় ধৰি তেখেতে অসম আৰু অসমীয়াৰ সৰ্বোতোপ্ৰকাৰে হিত সাধনৰ বাবে নিৰৱছিন্নভাবে কাম কৰি গৈছিল।

হাজোৰ কুলহাটীত জন্মগ্ৰহণ কৰি কৃতী চিকিৎসক হিছাপে ৰেডক্ৰছ ছছাইটিত কৰ্মজীৱণ আৰম্ভ কৰি ইংলেণ্ডলৈ গৈ বৃটিছ নাগৰিকত্ব গ্ৰহন কৰে ।প্ৰবাসত থাকিও অসম আৰু অসমীয়াৰ হকে সদায় চিন্তা কৰিছিল।সুদীৰ্ঘ বাইশ বছৰ ধৰি তেখেতৰ মুখ্য সম্পাদনাতে প্ৰকাশ পাই আহিছিল "লুইটৰ পৰা টেমচলৈ – Luit to Thames "নামৰ আলোচনীখন।

ডাঃভূপেন হাজৰিকাই তেখেতৰ বদান্যতাত সন্তুষ্ট হৈ সাগৰ উপাধিৰে বিভূষিত কৰিছিল।
লণ্ডণত তেখেতে স্থাপন কৰিছিল গুৰুজনাৰ মনিকুট,জন্ম দিছিল শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in