নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰনী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰাতঃসভাত মঙলবাৰে অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু বিশিষ্ট কবি অনুভৱ তুলসী। নৱৰূপ জাতীয় বিদ্যাপীঠৰ বিষ্ণু-জ্যোতি চৌহদত আয়োজিত প্ৰাতঃসভাৰ প্ৰাৰম্ভতে জাতীয় সংগীতেৰে পাতনি মেলাৰ পাছতে সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে নৱম শ্ৰেণীৰ ছাত্ৰী ধ্ৰুপদী বেজবৰুৱাই।

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিভা শইকীয়া আৰু ৰেক্টৰ সংগীতা বৰুৱাই অতিথি সকলক আদৰণি জনোৱাৰ পাছতে দুটি কালজয়ী গীত পৰিৱেশন কৰে ছাত্ৰীদ্বয় ক্ৰমে শ্ৰেয়া সৰকাৰ আৰু সংযুক্তা দাসে। প্ৰাতঃসভাতে নিজৰ চমু বক্তব্যত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই কয়- যি সময়ত অসমীয়া ভাষা শিক্ষাৰ ক্ষেত্ৰত এটা গভীৰ সংকট আহিছিল, সেই সময়ত এই নৱৰূপ জাতীয় বিদ্যাপীঠৰ দৰে জাতীয় বিদ্যালয়বোৰে অসমীয়া ভাষা- সাহিত্য- সংস্কৃতিৰ ৰক্ষাৰ বাবে আৰু অসমীয়া মাধ্যমত শিক্ষা প্ৰদানৰ দৰে এটা ব্যাপক আন্দোলন গঢ়ি উঠিছিল।

অসম জাতীয় বিদ্যালয়ে আমাৰ দেশ আৰু সমাজৰ ইমান ডাঙৰ এটা শক্তি দিছে যে, অধ্যয়নৰত শিক্ষাৰ্থীসকলে পৰবৰ্তী সময়ত বুজি পাব। তেওঁ আৰু কয়- অসম জাতীয় বিদ্যালয়ৰ আন্দোলনটো বৰ নিৰৱে নিৰৱে হ'ল। ৰাস্তাত প্ৰতিবাদ কৰি নহয়, ধৰ্ণা দি নহয়। অসমৰ বিভিন্ন ঠাইত একোখনকৈ জাতীয় বিদ্যালয় গঢ়ি তোলাৰ জৰিয়তে বিভিন্ন ব্যক্তিয়ে এই দেশ মাতৃৰ কাৰনে সেৱা মনোভাৱেৰে জাতিটোক আগবঢ়ায় নিছে। মই আনন্দিত যে, নৱৰূপ জাতীয় বিদ্যাপীঠো তেনে এখন শিক্ষানুষ্ঠান। ভাষণ প্ৰসঙ্গতে তেওঁ আৰু কয়- বিগত সময়খিনিত যিবোৰ ভাল কাম হৈছে, সেইবোৰৰ ভিতৰত জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ জৰিয়তে মাতৃভাষাৰ শিক্ষা দিয়া আৰু একেসময়তে ইংৰাজী ভাষা ভালকৈ শিকোৱাৰ বৰ সুন্দৰ প্ৰয়াস।

ইতিমধ্যে এনে বিদ্যালয়ৰ দেওনা গৰকি আহি বহু কৃৰ্তি ছাত্ৰ-ছাত্ৰী ওলাই গৈ সমাজৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াব পাৰিছে। আমি জানিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে- নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষক- শিক্ষয়িত্ৰী সকলে এটা মিছন অথ্যাৎ এটা নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ইয়াত সেৱা আগবঢ়াইছে। যিটো সেৱাৰ জৰিয়তে জাতীয় বিদ্যালয়ৰ আন্দোলনটোক আৰু এঢাপ আগবঢ়ায় নিছে। অনুষ্ঠানত উপস্থিত থাকি কবি অনুভৱ তুলসীয়ে এক সাৰুৱা ভাষণ প্ৰদান কৰে। এই প্ৰাতঃসভাতেই শিক্ষাৰ্থীসকল ক্ৰমে- পাৰ্থবিজয় শইকীয়াই বিজ্ঞান বাৰ্তা, কাব্যৰূপা বৰাই বাতৰিৰ শিৰোনামা, হিমাংশু বৰাই বীৰ চিলাৰায়ৰ সম্পৰ্কে বক্তব্য, নিনাম নৰহৰ ইংৰাজী ভাষাত বক্তৃতা আৰু হিমাংশু কুমাৰ বৰাই মহৎলোকৰ বাণীৰে প্ৰাতঃসভাখন আৰু অধিক জীপাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in