২ চিকিৎসকৰ চিকিৎসা সন্ত্ৰাসতেই মৃত্যু হৈছিল ড° অনামিকা ৰায়ৰ!

২ চিকিৎসকৰ চিকিৎসা সন্ত্ৰাসতেই মৃত্যু হৈছিল ড° অনামিকা ৰায়ৰ!

ডিজিটেল সংবাদ, গুৱাহাটীঃ দিল্লী মেডিকেল কাউন্সিলে জাৰি কৰা ড০ অনামিকা ৰায়ৰ মেডিকেল নেগ্লিজেন্সিৰ নিৰ্দেশ বাহাল ৰাখিলে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই। উত্তৰ-পূৰ্বাঞ্চলৰ গণসংযোগ শিক্ষাৰ প্ৰখ্যাত শিক্ষাবিদ তথা এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ অনামিকা ৰায়ৰ ২০১৫ চনত লেপাৰ্চকপিক গোল ব্লাডাৰৰ অপাৰেচনত চিকিৎসাজনিত অৱহেলাৰ কাৰণে মৃত‍্যু হৈছিল।

চিকিৎসাজনিত ভুল আৰু অৱহেলাৰ কাৰণে মৃত‍্যু হোৱা ড০ ৰায়ৰ বাবে ন‍্যায় বিচাৰি তেওঁৰ স্বামী ড° অংকুৰণ দত্তই চিকিৎসককেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। তাৰপিছত এই গোচৰটোৰ ওপৰত ভিত্তি কৰি দিল্লী মেডিকেল কাউন্সিলে(DMC) ইয়াৰ তদন্ত আৰম্ভ কৰে।

২০১৭ চনৰ ১৬ জুনত দিল্লী মেডিকেল কাউন্সিলে তদন্ত কৰি ড° ৰায়ৰ মৃত্যুৰ বাবে দুয়োজন চিকিৎসক দায়ী বুলি ৰায় প্ৰদান কৰিছিল। কিন্তু ড০ ৰায়ৰ স্বামী ড০ অংকুৰণ দত্ত এই ৰায়ত সন্তুষ্ট নাছিল আৰু এই সম্পূৰ্ণ ঘটনাটোৰ পুনৰীক্ষণ কৰাৰ বাবে তেওঁ দেশৰ চিকিৎসা ক্ষেত্ৰখনৰ সৰ্ব্বোচ্চসংস্হা মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াক (MCI) আবেদন কৰিছিল। এই সন্দৰ্ভত ড০ দত্তই কয় যে, "দিল্লী মেডিকেল কাউন্সিলৰ নিৰ্দেশত মই সন্তুষ্ট নহয়, লগতে ডাক্তৰ দুজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আৰু শাস্তিৰ ম‍্যাদ বঢ়োৱাৰ কাৰণে এখন ফাইল আবেদন কৰিছিলো। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই (MCI) গোটেই ঘটনাটো পুনৰীক্ষণ কৰাৰ পিছত সেই ঘটনাটো যে ডাক্তৰৰ অৱহেলাৰ কাৰণে সংঘটিত হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ডাক্তৰ দুজনৰ বিপক্ষে ৰায়দান কৰিছে"।

২০১৯ চনৰ ২৭ জুলাই তাৰিখে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই(MCI) দিল্লী মেডিকেল কাউন্সিলৰ(DMC) ৰায় বাহাল ৰাখি এটি নিৰ্দেশ জাৰি কৰে যে, "দুয়োজন ডাক্তৰ মেডিকেল নেগ্লিজেন্সৰ বাবে দোষী আৰু ১৫ দিনৰ কাৰণে ডাক্তৰ দুজনক দিল্লী মেডিকেল কাউন্সিলৰ ষ্টেট মেডিকেল ৰেজিষ্টাৰৰ পৰা আতৰোৱাৰ নিৰ্দেশ বাহাল ৰাখে। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ(MCI) এথিকেল ছাব কমিটীয়ে (Ethical Sub-Committee) এইটো নিশ্চিত কৰে যে দিল্লী মেডিকেল কাউন্সিলৰ(DMC) নিৰ্দেশত কোনোধৰণৰ দুৰ্বলতা নাই আৰু যাৰ বাবে এই নিৰ্দেশটো বাহাল ৰখাৰ সিদ্ধান্ত লয় বুলি উল্লেখ কৰে নিৰ্দেশ পত্ৰত।"

ওপৰোক্ত নিৰ্দেশৰ বিষয়ে ড০ দত্তই উল্লেখ কৰে যে, "ডাক্তৰ দুজনক যি শাস্তি প্ৰদান কৰা হৈছে তাক লৈ এতিয়াও মই সন্তুষ্ট নহয় আৰু এইটো অতি দুৰ্ভাগ‍্যজনক যে, ডাক্তৰক দোষী হিচাপে সাব‍্যস্ত কৰাৰ পিছতো আনৰ জীৱনৰ লগত হেতালি খেলাৰ সুযোগ দিয়া হয় এইখন দেশত৷ এটি মেডিকেল ডিগ্ৰীৰ ক্ষমতা ইমানেই যে আমাৰ দেশত এজন হত্যাকাৰীক এই ডিগ্ৰী থকাৰ বাবে কাৰাদন্দৰ সলনি ১৫ দিনৰ কাৰণেহে হলিডে পেকেজ দিয়া হয়।"

২০১৭ চনৰ ১৬ জুন তাৰিখে দিল্লী মেডিকেল কাউন্সিলে(DMC) জাৰি কৰা নিৰ্দেশত এইবুলি উল্লেখ কৰিছিল যে " অপাৰেচন কৰাৰ সময়ত ড০ ৰায়ৰ বেমাৰৰ লক্ষণ সুনিশ্চিত কৰাৰ বাবে কোনোধৰণৰ আল্ট্ৰাচাউণ্ড নকৰাকৈয়ে আৰু কোনো পৰীক্ষা নকৰাকৈয়ে গলব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল৷ ইয়ৰোপৰি চিকিৎসালয়ত চোৱা চিতা কৰিবৰ বাবে কোনোধৰণৰ এয়াৰ ৱে প্ৰেচাৰ অথবা ETC02 ৰ ব‍্যৱস্হা নাছিল আৰু অপাৰেচন থিয়েটাৰটো চোৱা-চিতা কৰাৰ বাবে পৰ্যাপ্ত আহিলা বা সজুলি নাছিল। লগতে ড০ ৰায়ে যেতিয়া হৃদীয় ৰোগত ভুগি থাকে ঠিক সেই সময়ত কোনো এজন কাৰ্ডিঅ'লজিষ্টৰ পৰামৰ্শ নোলোৱাকৈ আৰু ড০ ৰায়ক অস্ত্ৰোপ্ৰচাৰৰ সময়ত হাৰ্ট এটেক হোৱাৰ পিছতো কাৰ্ডিয়াক কেয়াৰ ইউনিটত (Cardiac Care Unit) ভৰ্তি কৰোৱাৰ পৰিৱৰ্তে চাৰ্জিকেল আই চি ইউ (ICU) তহে ভৰ্তি কৰোৱা হয় আৰু আটাইতকৈ আশ্চৰ্য‍্যকৰ বিষয়টো হ'ল যে ড০ ৰায়ৰ মৃত‍্যু হোৱাৰ পিছত মৃতদেহটোৰো কোনোধৰণৰ পৰীক্ষা কৰা নহ'ল।

মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই (MCI) এইটো স্পষ্ট কৰিছিল যে, চিকিৎসালয়খনৰ দস্তাবেজসমূহ বহু নিম্নমানৰ হোৱাৰ লগতে ড০ ৰায়ৰ স্বাস্হ‍্যৰ উন্নতি অৱনতিৰ কোনোধৰণৰ লিখিত ৰেকৰ্ড নাছিল।ইয়ৰোপৰি শল‍্য চিকিৎসা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত আহিলা নাছিল বুলিও উল্লেখ কৰে।"

উল্লেখ‍্য যে, স্বৰ্গীয়া ড০ অনামিকা ৰায়ৰ অস্ত্ৰোপ্ৰচাৰ দিল্লীৰ নৱজীৱন হস্পিতালত ডা: চন্দন কুমাৰ ডেকা (DMC ৰেজি. নং.- ২৪৩৩১) আৰু ডা: অভিজিৎ খাউণ্ড (DMC ৰেজি. নং.- ১৫৭৬১) ৰ তত্ত্বাৱধানত কৰিছিল আৰু দিল্লীৰ জয়পুৰ গল্ডেন হস্পিতেললৈ স্হানান্তৰ কৰা হৈছিল য'ত চিকিৎসা সন্ত্ৰাসৰ বলি হৈ মৃত্যু হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in