খাবলৈ লোৱা বিৰিয়ানী এৰি পলাল! গ্ৰেপ্তাৰ হোৱাৰ পৰা কোনোমতে বাচি গ’ল ডাউড ইব্ৰাহিম!

খাবলৈ লোৱা বিৰিয়ানী এৰি পলাল! গ্ৰেপ্তাৰ হোৱাৰ পৰা কোনোমতে বাচি গ’ল ডাউড ইব্ৰাহিম!

ডিজিটেল ডেস্কঃ আণ্ডাৰৱ'ৰ্ল্ডৰ ড'ন ডাউড ইব্ৰাহিমক এবাৰ আৰক্ষীয়ে আটক কৰিবলৈ যাওঁতে কোনোমতে বাচিছিল সেইবাৰ তেওঁ। আনকি আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ হাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ ডাউডে খাব লোৱা বিৰিয়ানী এৰি থৈ যাব লগা হৈছিল।

ভাৰতৰ মূৰৰ কামোৰণি হৈ পৰা ডাউড ইব্ৰাহিমৰ সন্দৰ্ভত এইবোৰ তথ্য পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ আনিছে ৰাজহ চোৰাংচোৱাৰ এগৰাকী উচ্চপদস্থ বিষয়াই। এসময়ত ৰাজহ চোৰাংচোৱা সঞ্চালকৰূপে কৰ্মৰত বি ভি কুমাৰে অৱসৰৰ পাছত লিখি উলিয়াইছে এখন কিতাপ।

কিতাপখনত তেওঁ লিখিছে- এবাৰ গুলী লগাত ডাউড ইব্ৰাহিম আহত হৈছিল। আৰক্ষীয়ে তেওঁক সোধ-পোছো কৰিছিল। ১৫দিন জেলত আছিল তেওঁ। আণ্ডাৰৱ'ৰ্ল্ডৰ ড'ন ৰূপে পিছত পৰিচিত হৈ পৰা ডাউড ইব্ৰাহিমৰ সন্দৰ্ভত তেতিয়া আৰক্ষী-চোৰাংচোৱাই ইমান বেছি তথ্য জনা নাছিল।

এইবোৰ তথ্য পোহৰলৈ অহাৰ পাছত গুজৰাটত আৰক্ষীৰ হাতত ধৰা পৰাৰ পৰা কোনোমতে বাচিছিল ডাউড ইব্ৰাহিম। সেইবাৰ ডাউড ইব্ৰাহিমে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এটা ফাৰ্মহাউছত তেওঁলোকে অভিযান চলোৱাৰ কথাও উল্লেখ কৰিছে।

সেই ফাৰ্মহাউছত ডাউড আছিল বুলি তথ্য লাভ কৰিছিল বিষয়াগৰাকীয়ে। কিন্তু খাবলৈ লোৱা বিৰিয়ানী এৰি পলাইছিল ডাউড ইব্ৰাহিম। 'ডি আৰ আই এণ্ড দ্য ড'নছ' নামৰ কিতাপখনত উল্লেখ কৰিছে প্ৰথম অৱস্থাত ডাউড ইব্ৰাহিম আছিল এজন তেনে সাধাৰণ অপৰাধী। চিনেমাবোৰত ডাউডক যি ৰূপত দেখুওৱা হয় তেনে নাছিল ডাউড ইব্ৰাহিম।

ধনদাবী আৰু হত্যাৰ দৰে অপৰাধ কৰি অন্ধকাৰ জগতত প্ৰৱেশ কৰিছিল ডাউড ইব্ৰাহিমে। ভুলবসত ডাউডৰ ডিঙিত গুলী লাগিছিল এবাৰ। ডাউডৰ এজন ঘনিষ্ঠৰ হাতৰ পৰাই ভুলবশত নিৰ্গত হোৱা পিষ্টলৰ গুলীয়াই আঘাত হানিছিল ডাউডক। সেইবাৰে আৰক্ষীয়ে ডাউডক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

গ্ৰন্থখনত তেওঁ লিখিছে- সেইবাৰ ডাউডক বচাইছিল জেঠ মালিনী চাহাবে। এনে বহু চাঞ্চল্যকৰ তথ্য উল্লেখ আছে এই গ্ৰন্থখনত। ডাউডৰ এই গ্ৰন্থখন স্বাধীনতা দিৱসৰ দিনা উন্মোচন কৰে বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in