দৌলাশালত আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা সম্পৰ্কত আলোচনা চক্ৰ

দৌলাশালত আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা সম্পৰ্কত আলোচনা চক্ৰ

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত মঙলবাৰে ট্ৰাইবেল ইন্টিগ্ৰেটেড ডেভেল'পমেন্ট এণ্ড ইডুকেচন ট্ৰাষ্টৰ উদ্যোগত "আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত আলোচনা চক্ৰত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰ্গনাৰায়ণ বৰ্মনে। নলবাৰী আৰু বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ ১৩০ টা আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰা আলোচনা চক্ৰত আৰ্থসামাজিক উন্নয়ণত আত্ম-সহায়ক গোটৰ ভূমিকা সম্পৰ্কত ট্ৰাইবেল ইন্টিগ্ৰেটেড ডেভলপমেন্ট এণ্ড ইডুকেচন ট্ৰাষ্টৰ কেইবাজনো উচ্চস্তৰীয় বিষয়াই ভাষণ প্ৰদান কৰে৷

সমাজত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে উত্তৰ পূৱৰ প্ৰকল্প সংযোজক উৎপল নাথে৷ মহিলাসকলে ঘৰতে থাকি স্বাৱলম্বী হ'ব পৰা বিভিন্ন আঁচনি সন্দৰ্ভত ভাষণ প্ৰদান কৰে উত্তৰ পূৱ প্ৰকল্পৰ সহঃ সংযোজক দেবজিৎ ৰাজবংশীয়ে৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ব্লকৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যাসকলৰ লগতে বৰপেটা জিলাৰ কেওটকুছি ব্লক, গোমা ফুলবাৰী ব্লক আৰু চেঙা ব্লকৰ বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় ৩ শতাধিক মহিলাই অংশগ্ৰহণ কৰা আলোচনা চক্ৰত সহকাৰ ভাৰতী, অসমৰ সম্পৰ্ক প্ৰমুখ বিকাশ দাসে উপস্থিত থাকি মহিলাসকলে ৰাজ্যখনত আজিৰ এনে প্ৰেক্ষাপতত আগবাঢ়ি আহি এখন সুস্থিৰ সমাজ গঢ়ি তোলাত অংশগ্ৰহণ কৰিব পাৰে বুলি মতপোষণ কৰে৷

আলোচনা চক্ৰ অনুষ্ঠানটোত উপস্থিত থাকে বৰ্ণিবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যা অৰ্চনা দেৱী, বৰপেটা ব্লক কৰ্ডিনেটৰ ৰেজিনা পাৰবিন, নলবাৰীৰ সহ কাৰ্য্যবাহী গুনজিৎ নাথ, বৰপেটা গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠনৰ প্ৰীতি ৰেখা, নলবাৰী-বৰপেটাৰ জিলা সংযোজক দয়াল নাথ আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in