দৌলাশালত ভয়ংকৰ পথ দুৰ্ঘটনা, পিতা-পুত্ৰৰ শোকাৱহ মৃত্যু…

দৌলাশালত ভয়ংকৰ পথ দুৰ্ঘটনা, পিতা-পুত্ৰৰ শোকাৱহ মৃত্যু…

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত বুধবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মেজিক ভেন এখনে মহতিয়াই নিয়ে দুই চাইকেল আৰোহীক। দুৰ্ঘটনাত দুই পিতা-পুত্ৰৰ শোকাবহ মৃত্যু হয় । চাইকেল আৰোহী আছিল দুই পিতা-পুত্ৰ । নিহত পিতা-পুত্ৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ী গাঁৱৰ হামেদ আলী আৰু চান মহম্মদ (২১) বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিবৰণী অনুসৰি দৌলাশাল চ'ক বজাৰৰ পৰা দুই পিতা-পুত্ৰই দৌলাশালৰ গাতে লাগি থকা বৰপেটা জিলাৰ ক্ষুদ্ৰ বামুণবড়ীৰ নিজ ঘৰলৈ চাইকেলেৰে গৈ থাকোঁতে একে দিশৰ পৰা আহি থকা তীব্ৰ বেগী এএছ-২৫চিচি-৯৬৮২  নম্বৰৰ মেজিক ভেনখনে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেল আৰোহী দুজনক মহতিয়াই নি পথৰ দাঁতিত উন্মুক্ত অৱস্থাত থকা ট্ৰেন্সফৰ্মাৰ সংযুক্ত বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। ভয়ংকৰ দুৰ্ঘটনাটোত চাইকেল আৰোহী দুই পিতা-পুত্ৰৰ লগতে ভেনখনৰ হেণ্ডিমেন ৰাজু প্ৰধান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁই আৰু আৰক্ষীৰ দল উপস্থিত হয়। দৌলাশাল আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মুমুৰ্ষু অৱস্থাত গুৰুতৰভাবে আহত তিনিওজনকে মুকালমুৱা চিকিৎসালায়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুই পিতা-পুত্ৰ হামেদ আলী আৰু চানমহম্মদ আলীক মৃত ঘোষণা কৰে ।

মেজিক ভেনৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে। ভেনখনৰ হেণ্ডিমেন  ৰাজু প্ৰধান সম্প্ৰতি  চিকিৎসাধীন হৈ আছে । দৌলাশাললৈ বেংকৰ কামত ওলাই আহি দুই পিতা-পুত্ৰই এনেদৰে কৰুণ মৃত্যুক সাবটি ল'বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in