দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৪১৯১ জনলৈ বৃদ্ধি…

দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৪১৯১ জনলৈ বৃদ্ধি…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰঙতো ক্ৰমে বাঢ়ি গৈ আছে কভিড আক্ৰান্তৰ সখ্যা। জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগত জিলাখনৰ ২৯ জন লোক আক্ৰান্ত হৈছে ক'ভিডত।

এই সকলক ধৰি দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪১৯১ জনলৈ বৃদ্ধি পালে। আনহাতে বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৩৮৭৬ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in