কোৰোনাঃ দৰঙৰ নামখলাত গণ সংক্ৰমণৰ আশংকা…

কোৰোনাঃ দৰঙৰ নামখলাত গণ সংক্ৰমণৰ আশংকা…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ নামখলাত গণ সংক্ৰমনৰ আশংকা। নামখলা গোমঠাপাৰাৰ কৰণা দাস আৰু কিশোৰ দাসৰ কোভিড-১৯ পজিটিভ হোৱাৰ লগে লগে অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

দৰং জিলাৰ নামখলাত কোভিড-১৯ মহামাৰীৰ তৃতীয় পৰ্যায় গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ। বিগত ২৭ মে' ২০২০ তাৰিখে চেন্নাই ৰ পৰা আহিছিল নামখলা গোমঠাপাৰা( দাসপাৰা) ৰ যুৱক কৰণা দাস আৰু কিশোৰ দাস ।

তাৰ পিছতেই এজন ছিপাঝাৰ আৰু আনজন মঙলদৈ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অহাৰ সময়তে স্বাস্থ্য বিভাগে তেওঁলোকৰ শ্লেষ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাত কিছু দিন পিছতেই প্ৰথম ৰিপ'ৰ্টত আহিল নিগেটিভ।

নিগেটিভ অহাৰ পিছতেই ২ জুনত পুনৰ যুৱক দুজনক দহ দিনৰ কাৰণে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে। তেনে সময়তে ৭ জুনত কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইবাজনো লোকৰ কভিড ১৯ পজিটিভ ওলোৱাত জিলা স্বাস্থ্য বিভাগে একেলগে থকা গোমঠাপাৰা যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ পৰা পুনৰ সংগ্ৰহ কৰে শ্লেষৰ নমুনা।

দ্বিতীয়বাৰ নমুনা সংগ্ৰহ কৰাৰ সময়ত হোম কোৱাৰেণ্টাইনত আছিল যুৱক দুজন। ১২জুনত দুয়োৰে হোম কোৱাৰেণ্টাইনৰ দিন উকলি যায়। কিন্তু ৭ জুনত লোৱা শ্লেষ ৰ নমুনাৰ ফলাফল ১২ জুন পৰ্যন্ত নাহিল। যাৰ কাৰণে যুৱক দুজনক গাঁৱৰ গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, স্বাস্থ্য কৰ্মীয়ে ৰিপ'ৰ্ট নহা পৰ্যন্ত কোৱাৰেণ্টাইন হোৱাৰ নিৰ্দেশ দিছিল ।

কিন্তু সেই নিৰ্দেশনা অমান্য কৰি ১৩ জুনত তেওঁলোক আলহী ঘৰলৈ যোৱাৰ লগতে মঙলদৈ চহৰত এ টি এম ত টকা উলিয়াই নামখলা বজাৰৰ কেইবাখনো দোকানলৈ টৰ্চৰ বেটাৰি কিনিবলৈ যোৱাৰ লগতে অনান্য বজাৰ কৰিছিল নামখলা সপ্তাহিক বজাৰত। আৰু তাৰ এদিন পিছতেই ১৪ জুনত গোমঠাপাৰাৰ যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ ৰিপ'ৰ্ট আহিল পজিটিভ।

লগে লগে ১৪ জুনত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় যুৱক দুজনক। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধী হৈ আছে যুৱক দুজন । গোমঠাপাৰা কৰণা দাস আৰু কিশোৰ দাস নামৰ যুৱক দুজন কোৰোণা পজিটিভ হোৱাৰ লগে লগে নামখলা অঞ্চলজুৰি লাগিল হাহাকাৰ। 

পাথৰিঘাট ৰাজহ চক্ৰৰ বিষয়া নামখলাত উপস্থিত হৈ গোমঠাপাৰা আৰু আঠিয়াবাৰীৰ ঘৰ কেইখন কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে। , নামখলা ব্যৱসায়ী সন্থাৰ  অনুৰোধ মৰ্মে এক সপ্তাহৰ বাবে বন্ধ কৰি দিয়ে নামখলা বজাৰ আৰু চক।

ইতিমধ্যে দৰং জিলা স্বাস্থ্য বিভাগে কভিড ১৯ পজিটিভ হোৱা যুৱক দুজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ শ্লেষৰ নমুনা সংগ্ৰহ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ নামখলা অঞ্চলৰ লোক সকলে কভিড ১৯ গন সংক্ৰমনৰ আতংকত দিন পাৰ কৰিছে। অৱশ্যে জিলা প্ৰশাসন,মহলিয়াপাৰা আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ অঞ্চল ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে যদিও ভয় কমা নাই অঞ্চল বাসীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in