দৰঙত খাদ্য সামগ্ৰীৰ মজুতৰ বুজ ল’লে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে…

দৰঙত খাদ্য সামগ্ৰীৰ মজুতৰ বুজ ল’লে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম চৰকাৰৰ খাদ্য অসামৰিক আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সোমবাৰে দুপৰীয়া মঙলদৈত উপস্থিত হৈ লক ডাউনৰ সময়ছোৱাত দৰং জিলাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান, মজুতকৰণ, দৰ-দাম, সম্ভাব্য ক'লা বজাৰ নিয়ন্ত্ৰণ আদি জৰুৰীকালীন বিষয়সমূহৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত ঘনশ্যাম দাস, অতিৰিক্ত উপয়ুক্ত নৱজ্যোতি ওজা, জিলা তথ্য আৰু জনসংযোগ বিষয়া আদিৰ উপস্থিতিত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকল, স্হানীয় ব্যৱসায়ী সংস্থাৰ প্ৰতিনিধি বৰ্গৰ সৈতে আলোচনাত মিলিত হয়।

মন্ত্ৰীগৰাকীয়ে পাইকাৰী আৰু খুচুৰা সকলো ব্যৱসায়ীকে প্ৰত্যেক দিনাই সামগ্ৰীসমূহৰ দামৰ তালিকাৰ ফলক, মজুত থকা আৰু পৰিবহনত থকা বস্তুৰ তালিকা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি জিলা খাদ্য আৰু অসামৰিক বিভাগক জিলাখনত পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

কোনো কাৰণতে জিলাবাসীয়ে অভাৱৰ শংকাত ভূগিবলগীয়া নহয় আৰু লগতে যাতে সা সামগ্ৰীৰ মজুতকৰণক লৈ ৰাইজক কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে। মন্ত্ৰীজনৰ লগতে বিভাগটোৰ সচিব অলক চহৰীয়াও উক্ত বৈঠকত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in