দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..

48

ডিজিটেল সংবাদ ,মঙলদৈঃ দিন যোৱাৰ লগে লগে সমগ্ৰ দৰং জিলা খনত কভিড আক্ৰান্ত ৰ সংখ্যা বাঢ়ি গৈ আছে শনিবাৰে জিলা স্বাস্থ্য বিভাগে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰে দিনৰ ভাগত জিলাখনৰ ৬৮ জন লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ।

এই সকলক ধৰি দৰঙত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি পালে। আনহাতে শনিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ১১৩৫ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি