শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

সাৱধান! হোৱাটছএপত নপঠাব যিকোনো মেছেজ

1,958

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা হোৱাটছএপত ভাবুকি দিয়া বা অপপ্ৰচাৰ চলোৱা কোনো মেছেজ পালে টেলিকম বিভাগৰ ওচৰত পোনপোটীয়াকৈ দাখিল কৰিব পাৰিব অভিযোগ। ১৯ ফেব্ৰুৱাৰীত টেলিকম বিভাগে এই সন্দৰ্ভত এক জাননী জাৰী কৰিছে। বিভাগৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা। কোনো উপভোক্তাই এনে মেছেজ লাভ কৰিলে মেছেজটো ষ্ক্ৰীণশ্বটসহ প্ৰেৰণ কৰাৰ নম্বৰটো এটা ইমেইলত পঠাই দিব লাগিব।

এনে ভাবুকিপূৰ্ণ বা উৰা বাতৰি সম্পৰ্কীয় মেছেজ হোৱাটচএপ যোগে পালে টেলিকম বিভাগলৈ এই অভিযোগ প্ৰেৰণ কৰা ই-মেইল আইডিটো হ’ল ccaddn/dot@lic.in। টুইটাৰটো এই সন্দৰ্ভত বিভাগটোৰ শীৰ্ষ সূত্ৰই টুইট কৰিছে। টেলিকম বিভাগে এই অভিযোগ সংশ্লিষ্ট টেলিকম কোম্পানী আৰু আৰক্ষীৰ দৃষ্টিগোচৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, হোৱাটছএপ যোগে বহু লোকে এনে ভাবুকি পোৱাৰ পাছত ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ টেলিকম বিভাগক অনুৰোধ কৰিছিল। তাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বিভাগটোৱে। এই সন্দৰ্ভত সাংবাদিক, ব্যৱসায়ী আদিয়ে প্ৰায়ে হোৱাটচএপ যোগে ভাবুকিপূৰ্ণ মেছেজ লাভ কৰে বুলি টেলিকম বিভাগক অৱগত কৰিছিল। ইফালে টেলিকম কোম্পানী সমূহকো এনে মেছেজ কোনো গ্ৰাহকে দিলে ব্যৱস্থা গ্ৰহণ যাতে কৰিব পাৰে সেই সন্দৰ্ভত ম’বাইল চিমৰ সংযোগ লওতেই গ্ৰাহকৰ প-পত্ৰত গ্ৰাহকৰ পৰা সন্মতি ল’বলৈ নিৰ্দেশ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি