সুৰাসক্ত সকল সাৱধান! ৫ ছেকেণ্ডতে আঁতৰৰ পৰা সুৰাসক্তক চিনাক্ত কৰিব পৰা অত্যাধুনিক মেচিন আবকাৰীৰ হাতত…

সুৰাসক্ত সকল সাৱধান! ৫ ছেকেণ্ডতে আঁতৰৰ পৰা সুৰাসক্তক চিনাক্ত কৰিব পৰা অত্যাধুনিক মেচিন আবকাৰীৰ হাতত…

ডিজিটেল ডেস্কঃ কোৰোনা বুলি সুৰাসক্তসকলে সুৰা সেৱন কৰাৰ এক সুযোগ লাভ কৰিছিল। পিছে এই সকলৰ বাবে আহিছে এটা বেয়া খবৰ। পূৰ্বৰ দৰে এতিয়াৰ পৰা ব্ৰেথ এনালাইজাৰৰ জৰিয়তে মুখৰ আগত সেই যন্ত্ৰ দি সুৰাপান কৰা সকলক চিনাক্ত নকৰে।

কোৰোনাৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগেও ল'লে আন এক পদক্ষেপ। মহানগৰীৰ বিশেষকৈ সুৰাপান কৰি যান-বাহন চলাচল কৰা সকল সাৱধান হ'ব। কোৰোনা বুলি তেওঁলোক সাৰি যাব নোৱাৰিব।

অত্যাধুনিক এলক'পেট্ৰেল ব্ৰেথ এনালাইজাৰৰ জৰিয়তে আবকাৰী বিভাগে ৫ ছেকেণ্ডৰ ভিতৰতে বহু দূৰৰ পৰাই সুৰাসক্তসকলক চিনাক্ত কৰিব পৰা এই মেচিন ক্ৰয় কৰিছে। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ প্ৰচেষ্টাত ৰাজ্যৰ আবকাৰী বিভাগে ২৫০টা তেনে অত্যাধুনিক মেচিন ক্ৰয় কৰিছে।

হংকঙৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰা এই মেচিনটো কোৰোনাৰ এই পৰিস্থিতিত উন্নত দেশবোৰে ব্যৱহাৰ কৰি আছে। এলক'পেট্ৰেল নামৰ এই মেচিনটো ইতিমধ্যে ৰাজ্যৰ জিলাসমূহলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ফলত ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰা সকলক চিনাক্ত কৰিব পাৰিব আবকাৰী বিভাগৰ লোকে।

এই সন্দৰ্ভত আবকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলেন পাণ্ডেয়ে কয় যে- কোৰোনাৰ ফলত ব্ৰেথ এনালাইজাৰৰ জৰিয়তে ৰাজহুৱা স্থানত সুৰা সেৱন কৰা সকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া বন্ধ হৈ আছিল যদিও এতিয়াৰে পৰা এই অত্যাধুনিক ব্যৱস্থাৰে সুৰাসক্তসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়াত কোৰোনা সংক্ৰমণৰ কোনো ভয় নাথাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in