ট্ৰাম্পৰ ভাৰত ভ্ৰমণে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন নিৰ্বাহত বিন্দু মাত্ৰও প্ৰভাৱ নেপেলায়ঃ শিৱসেনা

ট্ৰাম্পৰ ভাৰত ভ্ৰমণে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন নিৰ্বাহত বিন্দু মাত্ৰও প্ৰভাৱ নেপেলায়ঃ শিৱসেনা

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দুদিনীয়া ভাৰত ভ্ৰমণক লৈ উদগ্ৰীৱ হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। একেই উৎসাহ দেখুৱাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়েও। এই ভ্ৰমণসূচীয়ে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, বানিজ্যিক, প্ৰতিৰক্ষা আদি বিষয়ক লৈ বহু সম্ভাৱনা প্ৰকট কৰিলেও মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ৩৬ ঘণ্টীয়া ভাৰত ভ্ৰমণে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ ওপৰত বিন্দু মাত্ৰাও প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে শিৱসেনাই।

শিৱসেনাৰ মুখপত্ৰ 'চামনা'ত সোমবাৰে লিখা এক লেখাত ডোনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ পৰোক্ষভাৱে মোডী চৰকাৰক আক্ৰমণ কৰে শিৱসেনাই। চামানাত লিখিছে, 'ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বানিজ্য বিষয়ত বাৰ্তালাপ কৰিবলৈ আহি আছে, যিয়ে এই কথা স্পষ্ট কৰে যে তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য যে আমেৰিকান বানিজ্যৰ প্ৰসাৰ কৰা।'

'ট্ৰাম্পৰ যাত্ৰাৰ পৰা ভাৰতৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱনৰ ওপৰত কোনো বিন্দু মাত্ৰও প্ৰভাৱ নপৰে। গতিকে তেওঁৰ ভ্ৰমণৰ গুণ গান গোৱা আৰু উৎসাহিত হোৱাৰ প্ৰশ্নই নুঠে। যদি ট্ৰাম্পৰ ভ্ৰমণক লৈ কোনোনে উৎসাহ দেখুৱায়, তেন্তে সেয়া আহমেদাবাদত হ'ব পাৰে। কিয়নো প্ৰথমে তেওঁ আহমেদাবাদতে উপস্থিত হ'ব।' 'চামনা'ৰ সম্পাদকীয়ত ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ এইদৰে লিখা হৈছে।

শিৱসেনাৰ মুখপত্ৰত পুনৰ লিখা হৈছে যে ট্ৰাম্পৰ ভাৰত ভ্ৰমণতকৈ এই বিষয়ক লৈ অধিক চৰ্চা হৈছে যে ট্ৰাম্পে যি পথেৰে যাব, সেই পথৰ বস্তি অঞ্চল ঢাকিবলৈ কিদৰে দেৱাল নিৰ্মাণ কৰা হৈছে। চামনাত লিখিছে, 'খবৰ অনুসৰি, ভাৰতৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কতো ট্ৰাম্পে আলোচনা কৰিব। এয়া আমাৰ ঘৰুৱা বিষয়। এই দেশ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত লোকৰ দ্বাৰা পৰিচালিত হয়। কোনো বাহিৰা লোকৰ পথ প্ৰদৰ্শনৰ প্ৰয়োজন নাই।'

শিৱসেনাৰ মতে, ট্ৰাম্পে আহমেদাবাদ, আগৰা আৰু দিল্লীৰ পৰ্যটন ক্ষেত্ৰহে উপভোগ কৰা উচিত। যেতিয়া ৩৬ ঘণ্টীয়া ভাৰত ভ্ৰমণ সামৰি ট্ৰাম্প ভাৰতৰ পৰা ৰাওনা হ'ব তেতিয়া ভাৰতৰ বুকুত তেওঁৰ আগমণৰ কোনো চিহ্নই নাথাকিব বুলিও লিখা হৈছে চামনাত প্ৰকাশিত লেখাটোত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in