ট্ৰাম্পৰ ভ্ৰমণসূচীৰ পাছতেই ‘ভাৰত’, ‘তাজমহল’, ‘নমস্কাৰ’ৰ বিষয়ে গুগ’লত ছাৰ্চ কৰাত ব্যস্ত আমেৰিকাৰ নাগৰিক…

ট্ৰাম্পৰ ভ্ৰমণসূচীৰ পাছতেই ‘ভাৰত’, ‘তাজমহল’, ‘নমস্কাৰ’ৰ বিষয়ে গুগ’লত ছাৰ্চ কৰাত ব্যস্ত আমেৰিকাৰ নাগৰিক…

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতহৈছেহি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ২৪ ফেব্ৰুৱাৰীত আহমেবাদাত 'নমস্তেট্ৰাম্প' শীৰ্ষক এক আদৰণি অনুষ্ঠানত হাজাৰ হাজাৰ লোকক সম্বোধন কৰে মাৰ্কিনৰাষ্ট্ৰপতিগৰাকীয়ে। সহধৰ্মীণিৰ সৈতে ট্ৰাম্পে তাৰপাছত তাজমহল ভ্ৰমণ কৰে।

ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক আৰু অধিক দৃঢ় কৰাৰ লক্ষ্যৰেইভাৰতত আহি উপস্থিত হৈছেহি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ লগত আহিছে তেওঁৰ পত্নী মেলানিয়াট্ৰাম্প, কন্যা ইভাকা ট্ৰাম্প আৰু জোৱাই জেৰেড কুছনৰ। কিন্তু ট্ৰাম্পৰ এই ভাৰতভ্ৰমণৰ পাছতেই আমেৰিকাৰ নাগৰিকসকলে গুগ'লত ছাৰ্চ কৰিছে ভাৰতৰ বিষয়ে।

২৪ ফেব্ৰুৱাৰীত গুগ'লৰ ট'প ট্ৰেণ্ডত ছাৰ্চ কৰা হৈছিল 'what is India?'। তাৰ লগতে 'নমস্তে' অৰ্থাৎ নমস্কাৰৰ অৰ্থ বিচাৰি গুগ'লৰ সহায় লৈছে আমেৰিকাৰ নাগৰিকসকলে। সোমবাৰে 'What Is India' আৰু 'Where Is India' গুগ'লত আটাইতকৈ বেছি ছাৰ্চ কৰিছিল আমেৰিকাৰ নাগৰিকসকলে। যাৰ বাবে ই হৈ পৰিছিল ট'প ট্ৰেণ্ডৰ বিষয়।

মঙলবাৰে অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীতো ভাৰতৰ বিষয়ে জানিবলৈ গুগ'লৰ সহায় লোৱা দেখা গ'ল। ভাৰতৰ মেপ, জনসংখ্যা, তাজমহল ক'ত আছে, ভাৰতৰ ৰাজধানী কি আদি বিষয়সমূহ গুগ'লত বিচাৰিছিল আমেৰিকানসকলে। এই বিষয়সমূহ আমেৰিকাৰ নিউ জাৰ্ছী, ইণ্ডিয়ানা, জৰ্জিয়া আৰু কলম্বিয়াত আটাইতকৈ বেছি ছাৰ্চ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ২৪ ফেব্ৰুৱাৰীৰপুৱা প্ৰায় ১১.৩৭ বজাত আহমেদাবাদৰ চৰদাৰ বল্লভভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হয়। বিমান বন্দৰৰ পৰা তেওঁ সাবৰমতী আশ্ৰমলৈ যায়। আৰু তাৰ পৰাম'টেৰা ষ্টেডিয়াম প্ৰায় ১ লাখ লোকক সম্বোধন কৰে।

তাৰপাছত ট্ৰাম্পে তাজমহল দৰ্শন কৰে। তাজমহল দৰ্শনৰ পাছতেইদিল্লীলৈ বিমানযোগে উৰা মাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে, মঙলবাৰেৰাষ্ট্ৰপতি ভৱনত ট্ৰাম্পক উষ্ম আদৰণি জনোৱা হয়। আদৰণি অনুষ্ঠানৰ পাছতেই তেওঁউপস্থিত হয় ৰাজঘাটত। য'ত তেওঁক মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপনকৰা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in