লাডেনৰ পুত্ৰৰ মৃত্যু নিশ্চিত কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে…

লাডেনৰ পুত্ৰৰ মৃত্যু নিশ্চিত কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শনিবাৰে অলকায়ডাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যুৰ কথা নিশ্চিত কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, 'হামজাৰ মৃত্যু হৈছে আফগানিস্তান-পাকিস্তান সীমান্তত আমেৰিকাই চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত।'

অলকায়ডাৰ শীৰ্ষ নেতা আৰু ওছামা বিন লাডেনৰ পুত্ৰ হামজা বীন লাডেন আফগানিস্তান-পাকিস্তান সমীন্তত হোৱা বুলি ডনাল্ড ট্ৰাম্পে জনাইছে যদিও, সঠিকভাৱে কোন স্থানত হামজাৰ মৃত্যু হৈছে সেই সন্দৰ্ভত কোনো কথা জনোৱা নাই।

উল্লেখ্য যে, ২০১৮চনত হামজাই অলকায়ডা মিডিয়াশাখাৰ দ্বাৰা অন্তিমবাৰৰ বাবে ভাবুকি প্ৰদান কৰিছিল। সেই বাৰ্তাত হামজাই ছাউদীআৰৱক ভাবুকি দিছিল আৰু আৰৱ প্ৰায়দ্বীপৰ নিবাসীক বিদ্ৰোহ কৰিবলৈ কৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in