তেলেংগানাত কুকুৰৰ ‘অচ্ছে দিন’!

তেলেংগানাত কুকুৰৰ ‘অচ্ছে দিন’!

ডিজিটেল ডেস্কঃ ঘৰৰ যদি কুকুৰ এটা থাকে গৃহস্থ নিচিন্ত হৈ থাকে যে চোৰ-ডকাইটৰ পৰা তেওঁৰ ঘৰখন সুৰক্ষিত।সেয়ে ঘৰচীয়া কুকুৰটো গৃহস্থই মৰমতেই ৰাখে। কিন্তু চোৰ ডকাইটৰ বাহিৰেও বিগত কেইটামান বছৰৰ পৰা দেখা গৈছে ঘৰত পোহা ভাল জাতৰ কুকুৰটো কিছু সম্ভ্ৰান্ত পৰিয়ালৰ সন্মানৰ প্ৰতীক।

এতিয়া সময় এনে পৰ্যায় পাইছেগৈ ঘৰৰ কুকুৰে মানুহক চকু দিয়াৰ সলনি কুকুৰটোক চকু দিবলৈহে মানুহ ৰখা হয়। শেহতীয়াকৈ কুকুৰৰ এই ভালদিনৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অহা ১০ দিনৰ ভিতৰতে ঘৰচীয়া কুকুৰৰ বাবে এখন পাৰ্ক মুকলি কৰা হব। ১.১ কোটি টকাৰ ব্যয়ৰে ১.৩ একৰ মাটিত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক পাৰ্কখন।

দেশ-বিদেশৰ সকলো কুকুৰৰ বাবে উপযোগী এই পাৰ্কত আছে পশু চিকিৎসকৰ,প্ৰশিক্ষকৰ পৰা আদি কৰি কুকুৰে খেলিবৰ বাবে কেইবাখনো ট্ৰেক। কুকুৰে খোজ কাঢ়িবৰ বাবে ৱাৰ্কিং ট্ৰেকৰ পৰা আদি কৰি গা-ধোৱা সুবিধাও উপলদ্ধ হ'ব পাৰ্কখনত। হায়দৰাবাদ নগৰ নিগমৰ এজন বিষয়াৰ মতে এই পাৰ্কখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্মাণ কৰা হৈছে । যি কি নহলেও এই পাৰ্কখনৰ কথা গমপোৱা সকলে গুনাগঁথা কৰিছে ভিন্ন সমস্যাৰে দেশক কোঙা কৰাৰ সময়ত মোডীৰ 'অচ্ছে দিন' কুকুৰৰ বাবেহে আহিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in