মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনাত বহিবলৈ সাজু প্ৰতিবাদকাৰী চিকিৎসক…

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনাত বহিবলৈ সাজু প্ৰতিবাদকাৰী চিকিৎসক…

ডিজিটেল ডেস্কঃ শনিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ সকলো দাবী মানি ল'ব আৰু প্ৰতিবাদকাৰী সকলৰ সৈতে আলোচনা কৰিবলৈ সাজু হোৱা বুলি জনোৱা পাছত প্ৰতিবাদকাৰী চিকিৎসকসকলেও তেওঁৰ সৈতে আলোচনাত বহিবলৈ সাজু হৈছে। কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ক'ত আলোচনাত বহিব সেই স্থান তেওঁলোকে নিৰ্ধাৰণ কৰিব বুলি জনায়।

ইফালে, শনিবাৰেই মমতা বেনাৰ্জীয়ে ৰাজ্য সচিবালয়ত আলোচনাৰ বাবে জনোৱা প্ৰস্তাৱ নাকচ কৰিছিল প্ৰতিবাদকাৰী চিকিৎসকসকলে। আৰু তাৰ পৰিৱৰ্তে এনআৰএছ মেডিকেল কলেজ হাস্পতালত মুখ্যমন্ত্ৰীগৰাকীক আহিবলৈ কৈছিল। শনিবাৰে নিশা জুনিয়ৰ চিকিৎসকৰ সংযুক্ত ফৰআমে সংবাদমেল সম্বোধন কৰে।

লগতে ফৰআম প্ৰবক্তা গৰাকীয়ে কয় যে- আমি সদায় আলোচনাৰ বাবে সাজু। যদি মুখ্যমন্ত্ৰী গৰাকীয়ে এখন হাত আগবঢ়াব আমি ১০খন হাত আগবঢ়াম। আমি এই প্ৰতিবাদ বন্ধ কৰিবৰ বাবে অপেক্ষা কৰি আছো। প্ৰতিবাদকাৰী চিকিৎসকলে লগতে কয় যে, বৈঠকৰ বাবে প্ৰস্তাৱিত স্থানক লৈ আমাৰ সংগঠনৰ সিদ্ধান্তৰ বাবে আমি অপেক্ষা কৰিম।

আনহাতে, পশ্চিমবংগত চিকিৎসকসকলৰ প্ৰতিবাদ চলি থকা সময়তে মুখ্যমন্ত্ৰী মমতাবেনাৰ্জীয়ে এখন সংবাদমেল সম্বোধন কৰে আৰু প্ৰতিবাদকাৰী চিকিৎসকসকলক পুনৰ কৰ্মসম্পাদন কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁ কয় যে- তেওঁলোকৰ সকলো দাবী আমি মানি ল'ম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in