শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদত অচল কামকাজ…

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদত অচল কামকাজ…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো চিকিৎসকসকলো সাব্যস্ত কৰিছে ধৰ্মঘট৷ জৰুৰীকালীণ সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অচল হৈ পৰিছে কামকাজসমূহ।

যাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ হোৱা পৰিলক্ষিত হৈছে৷ শিলচৰ এছ এম দেৱ অসামৰিক হাস্পতালতো ধৰ্মঘট পালন কৰিছে চিকিৎসকসকলে৷

ধৰ্মঘটৰ বাবে ব্লাডবেংকৰ বাদে সকলো চিকিৎসা অচল হৈ পৰিছে৷ বিনা চিকিৎসাই উভতিবলগীয়া হৈছে ৰোগীসকল৷ ৰোগীৰ মাজত হাহাকাৰ দেখা গৈছে অসামৰিক চিকিৎসালয়ত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in