কলকতাত নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদত নামিছে চিকিৎসক, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অমান্য

কলকতাত নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদত নামিছে চিকিৎসক, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অমান্য

ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ৰ জুনিয়ৰ চিকিৎসক আৰু তেওঁলোকৰ পৰিয়ালক একাংশ লোকে প্ৰহাৰ কৰাৰ পিছত চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদত পশ্চিম বংগৰ জুনিয়ৰ চিকিৎসকসকল। কলকতাত ধৰ্ণাত বহা চিকিৎসকসকলৰ কৰ্মক্ষেত্ৰলৈ উভতি যাবলৈ খোদ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰাৰ পিছতো সেই নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছে প্ৰতিবাদকাৰীসকলে। যেতিয়ালৈকে তেওঁলোকৰ সুৰক্ষা চৰকাৰে নিশ্চিত নকৰে, তেতিয়ালৈকে কলকতাত প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে চিকিৎসকসকলে।

ইফালে বৃহস্পতিবাৰে প্ৰতিবাদকাৰী চিকিৎসকৰ এটা দলে সাক্ষাৎ কৰে পশ্চিম বংগৰ ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীক। ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি চিকিৎসকৰ দলটোৱে তেওঁলোকৰ সুৰক্ষাৰ কথা অৱগত কৰাৰ পিছতে ৰাজ্যপাল গৰাকীয়ে ইয়াত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে। চিকিৎসকসকলে প্ৰতিবাদত নমাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰি পৰিস্থিতি শান্ত কৰা উচিত আছিল বুলি মন্তব্য কৰে ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীয়ে।

আনহাতে চিকিৎসকসকলৰ এনে প্ৰতিবাদৰ মূল কাৰণ বিজেপিৰ হিন্দু-মুছলিম বিভাজনৰ ৰাজনীতি বুলি অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই চলি অহা মমতা-বিজেপিৰ সংঘাত পুনৰ এবাৰ উনুকিয়াই পশ্চিম বংগত বিজেপিয়ে হিন্দু-মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰি সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ কৰে মমতাই। চিকিৎসক আৰু তেওঁৰ পৰিয়ালক প্ৰহাৰ কৰাসকলো বেজেপিৰে কৰ্মী আছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কলকতাৰ চিকিৎসা মহাবিদ্যালয় আৰু চৰকাৰী চিকিৎসালয়ৰ মুৰব্বীসকলক এক পত্ৰ লিখি চিকিৎসাধীন দৰিদ্ৰ ৰোগী সকলৰ সঠিক চিকিৎসা আৰু শুশ্ৰুষাৰ বাবে প্ৰতিবাদত নমা চিকিৎসকসকলক কৰ্মক্ষেত্ৰলৈ উভতাই আনিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, কলকতাৰ এখন চিকিৎসালয়ত মৃত্যু ঘটিছিল এজন ৰোগীৰ। তাৰ পিছতে ৰোগীজনৰ আত্মীয় একাংশ লোকে চিকিৎসকৰ ভুলৰ বাবে ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ৩ চিকিৎসক আৰু তেওঁলোকৰ পৰিয়ালক প্ৰহাৰ কৰে। এখন চৰকাৰী চিকিৎসালয়ৰ এজন কৰ্তব্যৰত জুনিয়ৰ চিকিৎসকক এনেদৰে প্ৰহাৰ কৰাৰ পিছতে নিজৰ সুৰক্ষাৰ দাবীৰে ৰাজপথলৈ ওলাই আহে জুনিয়ৰ চিকিৎসকসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in