বিশিষ্ট চিকিৎসক ডাঃ মহোদৰ পাঠকক শেষ বিদায় জনালে অগণন ৰাইজে…

বিশিষ্ট চিকিৎসক ডাঃ মহোদৰ পাঠকক শেষ বিদায় জনালে অগণন ৰাইজে…

ডিজিটেল ডেস্কঃ প্ৰবীণ চিকিৎসক তথা বিশিষ্ট সমাজকৰ্মী, বাওপন্থী নেতা ডাঃ মহোদৰ পাঠকক শেষ বিদায় জনালে অগণন ৰাইজে। মানিকপুৰত বিশিষ্ট চিকিৎসকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল সহস্ৰাধিক লোক।

উল্লেখ্য যে, চিকিৎসা সেৱাৰ সৈতে বৰ্তি হৈ থকা এইগৰাকী বিশিষ্ট চিকিৎসকক মানিক পুৰৰ ৰাইজে অভিভাৱক ৰূপে জ্ঞান কৰিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা গৈ নিজৰ ঠাইত চিকিৎসা সেৱা প্ৰদান কৰি গৈছিল তেখেতে।

আনকি দৰিদ্ৰ ৰোগীক চোৱাৰ বাবদ মাচুলো নলৈছিল চিকিৎসক ডাঃ পাঠকে। সমাজ, সংস্কৃতি আৰু বাওপন্থী চিন্তা ধাৰাৰে সমাজৰ উন্নতিৰ হকে সামাজিক কাম কাজত তেওঁ আছিল সদায় আগৰণুৱা। মানিকপুৰৰ চিপিআইএমৰ কাৰ্যালয়ত তেখেতক শেষ বিদায় জনোৱা হয়। ডাঃ পাঠকৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক ব্যক্ত কৰিছে।

কৃষক মুক্তি, বঙাইগাঁও সমিতিৰ সভাপতি মহিদৰ ৰায়ে এইগৰাকী প্ৰবীণ চিকিৎসকৰ মৃত্যুত এজন অভিভাৱকক হেৰুৱালো বুলি মন্তব্য কৰে। আনহাতে, আক্ৰাছুৰ উপদেষ্টা ড০ প্ৰণৱ ৰাজবংশীও বিশিষ্ট চিকিৎসকজনৰ মৃত্যুত শোক ব্যক্ত কৰি তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in