নাৰ্ছলৈ চকু! চৰিত্ৰহীন চিকিৎসকক চিকিৎসালয়তে দিলে শিক্ষা, চাওঁক ভিডিঅ’

নাৰ্ছলৈ চকু! চৰিত্ৰহীন চিকিৎসকক চিকিৎসালয়তে দিলে শিক্ষা, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ কিমান আৰু সহ্য কৰিব? ধৰ্য্যৰ সীমা পাৰ হৈ গ'ল নাৰ্ছসকলৰ। বিহাৰৰ এখন চিকিৎসালয়ৰ ঘটনা। কাটিহাৰত থকা এই চিকিৎসালয়খনৰ এজন চিকিৎসকৰ ব্যৱহাৰত অতীষ্ঠ হৈ পৰিছিল নাৰ্ছসকল। হাতত তুলি ল'লে ভৰিৰ চেণ্ডেল। কোনোবাই যদি, আন কোনোবাই ভুকু দি ডাক্টৰজনৰ ওপৰত চলালে আক্ৰমণ।

চিকিৎসকজনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই উঠি আহিছিল এই অভিযোগ। প্ৰায়ে নাৰ্ছসকলক অশালীন ব্যৱহাৰ কৰে এই গৰাকী চিকিৎসকে। এগৰাকী নাৰ্ছে টেবুলত উঠি লৈ চিকিৎসকজনক চেণ্ডেল খুলি উপৰ্যুপৰি কৰিলে প্ৰহাৰ। আঁতৰত থকা নাৰ্ছেও নিজৰ চেণ্ডেল খুলি কাষত থকা নাৰ্ছলৈ আগবঢ়াই দিলে। ক'লে- 'নেৰিবি তাক। ল' এই পাত।  মোৰ হৈয়ো দে এচাত।'

চিকিৎসকজনে কেতিয়াও ভবা নাছিল এনে পৰিস্থিতিৰ সন্মুখীন হম বুলি। এজনে আকৌ সেই দৃশ্য বন্দীও কৰিলে ম'বাইলত। গলত ধৰি নাৰ্ছে চোচৰাই নিলে চিকিৎসকজনক। মুঠতে ভাল শিক্ষা দিলে এইগৰাকী চিকিৎসকক। আচলতে ইয়াকে কয় কৰ্মৰ ফল। নাৰ্ছলৈ বেয়া দৃষ্টি দিয়া চিকিৎসকৰ কি অৱস্থা হ'ল চাওঁকচোন তলৰ ভিডিঅ'টোত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in