কৃষ্ণাইত চাহৰ লগত নিচাজাতীয় সামগ্ৰী মিহলাই দিনতেই লুটিলে যাত্ৰীক

কৃষ্ণাইত চাহৰ লগত নিচাজাতীয় সামগ্ৰী মিহলাই দিনতেই লুটিলে যাত্ৰীক

ডিজিটেল সংবাদ, কৃষ্ণাইঃ লিফ্ট দিয়াৰ চলেৰে গাড়ীত বহুৱাই লুটপাত চলোৱা দুজন যুৱকক কৃষ্ণাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন যুৱকদুজন ক্ৰমে তুৰাৰ চিবিনাং ফুলবাৰীৰ টাইজুদ্দিন শ্বেখ আৰু ধুবুৰী জিলাৰ কুকুৰমাৰা হাট শিঙিমাৰীৰ লিয়াকোট আলী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কৃষ্ণাইৰ টেঙাবাৰীৰ জিয়াউল ৰহমান নামৰ লোকজনে মঙলবাৰে পুৱা গুৱাহাটীৰ পৰা ঘৰলৈ যোৱাৰ বাবে বাছ আস্থানত বাছলৈ অপেক্ষা কৰি থকা সময়তে লিয়াকোট আলী আৰু টাইজুদ্দিন শ্বেখে এ এছ-০১ এ এক্স-৬৮২০ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনেৰে ব্যক্তিজনক কৃষ্ণাইলৈ লিফ্ট দিয়াৰ প্ৰস্তাৱ দিয়ে। জিয়াউলেও বিশেষ একো নাভাৱি যুৱকদুজনৰ সৈতে গাড়ীত উঠে।

বকোৰ ৰাজাপাৰাত চাহ খাবলৈ জিৰণী লোৱাৰ চলেৰে টাইজুদ্দিন শ্বেখ আৰু লিয়াকোট আলীয়ে জিয়াউল ৰহমানৰ চাহত নিচাজাতীয় সামগ্ৰী মিহলাই দিয়াত কিছু সময় পিছতে তেওঁ অচেতন হৈ পৰে। ইয়াৰ পিছতে যুৱকদুজনে জিয়াউল ৰহমানৰ লগত থকা নগট ২০ হেজাৰ টকা আৰু সা-সামগ্ৰী লুট কৰে আৰু বেকীপুলত জিয়াউলক গাড়ীৰ পৰা পেলাই থৈ গুৱাহাটীলৈ উভতি যায়৷

ইফালে এই ঘটনাৰ সংঘটিত হোৱাৰ পিছতে জিয়াউলক আগবঢ়াই নিবলৈ অহা পৰিয়ালৰ লোকে কৃষ্ণাইৰ বেকীপুলত ব্যক্তিজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে৷ লগে লগে ঘটনাৰ সম্পৰ্কত পৰিয়ালে কৃষ্ণাই আৰক্ষীক অৱগত কৰাৰ লগতে বাহনখনৰ নম্বৰ বকো আৰক্ষীক জনায়৷ বকো আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলোৱাত বাহনসহ ডকাইত দুজনক আটক কৰিবলৈ সক্ষম হয়৷

ইতিমধ্য কৃষ্ণাই আৰক্ষীয়ে বকো আৰক্ষীৰ পৰা জিন্মাত লৈ দুয়োজন যুৱককে জেৰা অব্যাহত ৰাখিছে। ইফালে এনেদৰে বিলাসী বাহনেৰে লিফ্ট দিয়াৰ চলেৰে ডকাইটি কাণ্ড সংঘটিত কৰা ঘটনাই কৃষ্ণাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in