অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান

অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান
  • বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰীৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান।
  • ২০ ফেব্ৰুৱাৰীৰ পুৱতি নিশা নিজ বাসগৃহত মৃত্যু হয় চিকিৎসকগৰাকীৰ।
  • সু-চিকিৎসক হিচাপে পৰিচিত দাস ৰিজ'নেল এডিশ্যনেল ডায়ৰেক্টৰ অৱ হেলথ ছাৰ্ভিচ, আছাম হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল।
  • বিভিন্ন সামাজিক কাম-কাজৰ লগতে অভয়াপুৰীৰ জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও ওতঃপোতভাৱে জড়িত আছিল দাস।
  • তেখেত নিজ জন্মস্থান ধৰ্মপুৰৰ ধৰ্মপুৰ সত্ৰৰ বিভিন্ন কাম-কাজৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল।
  • তেখেতৰ মৃত্যুত স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে শোক ব্যক্ত কৰাৰ লগতে সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in