হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দি গা এৰা দিছে আৰক্ষীয়ে, ডবকা আৰক্ষীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰতৰ অভিযোগ

হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দি গা এৰা দিছে আৰক্ষীয়ে, ডবকা আৰক্ষীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰতৰ অভিযোগ

ডিজিটেল সংবাদ, ডবকাঃ ন্যায় ব্যৱস্থাৰ ওপৰত ক্ষুব্ধ হৈ বুকুত ধকীয়াই ধকীয়াই কান্দিছে হোজাই জিলাৰ খকন জুৰীৰ এটা দুৰ্ভগীয়া পৰিয়ালে। পৰিয়ালটোৰ অভিযোগ- 'আৰক্ষীৰ বিচাৰ একপক্ষীয়। হত্যাৰ ঘটনাক দূৰ্ঘটনাৰ ৰূপ দিছে ডবকা আৰক্ষীয়ে।' পুত্ৰৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পাছতো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নাপাই এনেদৰে মন্তব্য কৰিছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে। ঘটনাৰ বিৱৰণী অনুসৰি বিগত বৰ্ষৰ ৩১ জুলাইত হোজাই জিলাৰ খকনজুৰিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত উদ্ধাৰ হৈছিল ৰাম প্ৰসাদ সতনামি নামৰ এজন যুৱকৰ মৃতদেহ।

তাৰপিছত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু ঘটনাই এমাহ অতিক্ৰম কৰাৰ পাছতো ৰামৰ পৰিয়ালে নাপালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ডবকা আৰক্ষীৰ মতে এইয়া এক দুৰ্ঘটনা। যাৰ বাবে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাৰ পৰা বিৰত আছে। কিন্তু পৰিয়ালৰ লোকসকলে আৰক্ষীৰ এই কথা সহজ ভাবে লব পৰা নাই।

খবৰ অনুসৰি নিহত ৰাম প্ৰসাদ সতনামিয়ে এখন ট্ৰাকৰ হেণ্ডিমেন হিচাবে কাম কৰিছিল। ৩০ জুলাই দিনা তেওঁ ঘৰত থকা অৱস্থাত নিশা গাঁৱৰে ট্ৰাক চালক ৰুপৌ সতনামি আৰু লক্ষণ সতনামিয়ে কিবা কামৰ দোহাই দি ঘৰৰ পৰা মাতি লৈ যায় ৰামক। কিন্তু ৩১ তাৰিখে পুৱা ৰহস্যজনক ভাৱে ঘাই পথৰ কাষত ৰাম প্ৰসাদ সতনামিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে ৰূপৌ সতনামি আৰু লক্ষণ সতনামিৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু সমগ্ৰ ঘটনাটো আৰক্ষীয়ে এক দুৰ্ঘটনা বুলি কৈ তদন্ত কৰাৰ পৰা দূৰত্বত অৱস্থান কৰে। লগতে ঘটনা সংঘটিত হোৱা পিছৰে পৰা চালক ৰূপৌ সতনামি আৰু লক্ষণ সতনামি পলাই থকা কাৰ্যই এক ৰহস্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত।ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে ৰামৰ পৰিয়ালৰ সদস্যসকল। আৰক্ষীক পুনৰ বাৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ অনুৰোধ কৰিলে ডবকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in