ডবকা পাহাৰৰ চাৰিটা বৈধ শিল কোৱেৰীৰ পৰা নিতৌ অবৈধ প্ৰক্ৰিয়াৰে সৰবৰাহ শ শ ট্ৰাক ডাম্পাৰ শিল…চাওক VIDEO

ডবকা পাহাৰৰ চাৰিটা বৈধ শিল কোৱেৰীৰ পৰা নিতৌ অবৈধ প্ৰক্ৰিয়াৰে সৰবৰাহ শ শ ট্ৰাক ডাম্পাৰ শিল…চাওক VIDEO

ডিজিটেল সংবাদ, ডবকাঃ ডবকা পাহাৰত বন বিভাগে আবন্তন দিয়া চাৰিটাকৈ শিল কোৱেৰী আছে ৷ ইয়াৰে ভিতৰত নগাওঁ বন সংমণ্ডলৰ অধীনত ভেলৌগুৰীত বিপিন কুৱেৰী আৰু হোজাই বন সংমণ্ডলৰ অধীনত মদাৰতলিত মদাৰতলি-১,মদাৰতলি-২ আৰু মদাৰতলি-৩ নামেৰে মুঠ চাৰিটাকে শিল কোৱেৰী আছে ৷ এই চাৰিওঁটী শিল কোৱেৰীৰ পৰা এটি দুষ্ট চক্ৰই নিতৌ অবৈধ ভাবে শ শ ট্ৰাক ডাম্পাৰ শিল কঢ়িওৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

এই চাৰিওঁটা শিল কোৱেৰীৰ পৰা প্ৰতিদিনে ৩০০-৪০০ ট্ৰাক, ডাম্পাৰ শিল, চেণ্ডগ্ৰেভেল সৰবৰাহ হৈ আহিছে ৷ তাৰ বিপৰীতে বন বিভাগে প্ৰতিটো শিল কোৱেৰীৰ পৰা ২৫-৩০ খন মানহে চালান জাৰি কৰে ৷ তাৰোপৰি প্ৰতিখন দহচকীয়া ডাম্পাৰত ১৮-২০ ঘন মিটাৰ শিল সৰবৰাহ হৈ আছে যদিও বন বিভাগে প্ৰতি খন ডাম্পাৰৰ বিপৰীতে ১০ ঘন মিটাৰ পৰিমানৰ হে চালান জাৰি কৰি আহিছে ৷

এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগে হেৰুৱাইছে বৃহত পৰিমানৰ ৰাজহ ৷ হোজাই আৰু নগাওঁ বন সংমণ্ডলৰ একাংশ বন বিষয়াক মেনেজ কৰি এই চক্ৰটোৱে ৰমৰমীয়া ব্যৱসায় কৰি যোৱাৰ অভিযোগ কৰিছে শাষকীয় বি,জে,পি, দলৰে একাংশ কৰ্মকৰ্তাই ৷ পূৰ্বেৰ চৰকাৰৰ আমোলত এই দুষ্ট চক্ৰটোৱে এজন প্ৰাক্তন মন্ত্ৰীৰ চত্ৰছায়াত এইদৰে অবৈধ ভাবে শিল সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল ৷ ইমানতে ক্ষান্ত নাথাকি এই চক্ৰটোৱে ডবকাৰ বিভিন্ন স্থানত বন বিভাগৰ অনুমতি অবিহনে অবৈধ ভাবে সৰবৰাহ কৰা শিল, চেণ্ডগ্ৰেভেল আৰু মাটি মজুত কৰি ৰাখিছে ৷

পাছত বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি এই বনজ সামগ্ৰী সমূহ বজাৰত চৰা দামত বিক্ৰি কৰি অধিক মুনাফাহীন লুটাৰো পৰিকল্পনা কৰিছে ৷ এই ক্ষেত্ৰত এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ তথা বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে বিজেপি কৰ্মী সকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in