ডবকা বনাঞ্চল ৰক্ষাৰ প্ৰতিবাদত হাৰ মানিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে ! শুকুৰবাৰে পৰিদৰ্শন কৰিব বিকল্প পথৰ স্থান…

ডবকা বনাঞ্চল ৰক্ষাৰ প্ৰতিবাদত হাৰ মানিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে ! শুকুৰবাৰে পৰিদৰ্শন কৰিব বিকল্প পথৰ স্থান…

ডিজিটেল সংবাদ নগাঁও: ডবকা বনাঞ্চলৰ গছ কাটি চাৰিলেন যুক্ত পথ নিৰ্মান কৰিব বিচৰাৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক প্ৰতিবাদৰ ওচৰত নতশিৰ হবলৈ বাধ্য হৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰন ৷ প্ৰতিবাদৰ বাবেই শুক্ৰবাৰে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ এটি উচ্চস্তৰীয় বিষয়াৰ দল হোজাইৰ ডবকাত উপস্হিত হব বুলি হোজাই জিলা প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ ডবকা বনাঞ্চলৰ ৭ কিলোমিটাৰ দৈঘ্যৰ এলেকাৰ মূল্যবান শাল গছ কাটি ডবকা বাইপাচৰ পৰা চাৰিলেন যুক্ত পথটো নিৰ্মান কৰিবলৈ প্ৰস্তাব লোৱা হৈছে ৷ সেই মৰ্মে হোজাইৰ ৰাজহ বিভাগক মাটি অধিগ্ৰহণ কৰি বনাঞ্চলৰ শাল গছ কাটিবলৈ বন বিভাগক সমীক্ষা চলাবলৈ দিয়া হৈছিল ৷

বন বিভাগে সেই মৰ্ম্মে ডবকা বনাঞ্চলৰ ৬২০০ জোপা শাল গছ কাটিবলৈ জৰিপ কৰে ৷ উল্লেখ্য এই ৬২০০ জোপা গছ হৈছে ৪০চেন্টিমিটাৰ ব্যাসাদ্ধৰ পৰা ওপৰৰহে গছ ৷ তলৰ গছ সমূহ জৰিপত ধৰা হোবা নাই ৷ আনুমানিক আৰু ৬ হাজাৰ গছ যি ৪০চেন্টিমিটাৰতকৈ কমৰ সেই গছ সমূহো কাটি পেলোৱা হব ৷ সেই দিশৰ পৰা চাবলৈ গ'লে সৰ্বমুঠ ১২ হাজাৰতকৈ বেছি গছ কাটি পেলোৱা হব ৷ বন বিভাগে জৰিপ চলাই এক প্ৰতিবেদন উৰ্ধতম কৰ্তৃপক্ষৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনক অৰ্পন কৰিব লগা খবৰৰ পিছতে প্ৰকৃতিপ্ৰেমি লোক আৰু বিভিন্ন সংগঠনে প্ৰতিবাদ আৰম্ভ কৰে ৷ ধাৰাবাহিক ভাবে চলি থকা প্ৰতিবাদৰ সময়তে হোজাইৰ বন বিভাগে বৰ্তমান জৰিপ কৰা গছ সমূহ কটাত সমস্যা হব বুলি ৰাষ্ট্ৰয় ঘাই পথ প্ৰাধিকৰনক অবগত কৰিছে ৷ লগতে পথটো নিৰ্মানৰ বাবে লোৱা প্ৰস্তাব সলনি কৰি বিকল্প পথ লব লাগিব বুলি জনাইছে ৷

বৰ্তমানৰ ডবকা বনাঞ্চলৰ মাজেৰে যাব লগা প্ৰস্তাবিত পথটোৰ পৰা এক কিলোমিটাৰ দূৰত নিৰ্মান সম্ভব বুলি প্ৰাধিকৰনক অবগত কৰিছে ৷ এই বিকল্প স্হানখিনিকে শুক্ৰবাৰে পৰিদৰ্শন কৰিব প্ৰাধিকৰনৰ উচ্চপদস্হ বিষয়াৰ দলটোয়ে ৷ অবশ্যে ডবকা বনাঞ্চলৰ মাজেৰে নিৰ্মানৰ বাবে লোৱা পথৰ প্ৰস্তাব নাকচ বৰ্তমানলৈকে কৰা হোৱা নাই ৷ স্হানীয় লোকৰ মতে যমুনা নদীৰ পাৰে পাৰে হালধিআটি হৈ পথটো নিৰ্মান কৰিলে ডবকা বনাঞ্চল খনি ৰক্ষা পৰিব ৷ লগতে হাতী , বাঘ , হলৌবান্দৰ , কেটেলা পহু, বনৰৌ, গাহৰি আদি কৰি জীৱকুলৰো বিচৰনত বাধা নহব ৷ বুঢ়ী গাওঁ হৈ বুঢ়ী বিলৰ পাৰে পাৰে জাল জুৰি আৰু দেউলাও বিলৰ কাষেৰে ৰঙাগৰা হৈ হালধিআটিৰে বিকল্প পথটো নিৰ্মানৰ প্ৰস্তাব ললে প্ৰকৃতি ধ্বংশ নহয় আৰু জীব কুলৰো কোনো ক্ষতি সাধন নহয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in