ডবকাৰ আনফৰ আলী কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উত্তেজনা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ডবকাঃ ডবকাৰ আনফৰ আলী মহাবিদ্যালয়ত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত আৰম্ভ হয় তীব্ৰ মাৰপিটৰ।

আছু আৰু এবিভিপিৰ সমৰ্থকৰ মাজত সংঘটিত হোৱা এই মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এবিভিপিৰ দুজন সমৰ্থক। আহত দুজনৰ নাম ক্ৰমে ৰমজান আলী আৰু সৌৰভ দাস। ঘটনা সন্দৰ্ভত কলেজখনৰ অধ্যক্ষগৰাকীক লিখিত অভিযোগ দিলে এবিভিপিৰ সদস্যসকলে। জাভেদ আহমেদ বৰভূঞা, ছাহিল ইছলাম তালুকদাৰৰ বিৰুদ্ধে তৰা হৈছিল এই অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in