মেৰী কমলৈ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ডি লিট

মেৰী কমলৈ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ডি লিট

ডিজিটেল ডেস্কঃ অলিম্পিক পদক জয়ী ৫ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমক পশ্চিম বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ডি লিট। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই।

অহা ২৪ ডিচেম্বৰত বিশ্ববিদ্যালয়খনৰ ৬৩ সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰদান কৰা হ'ব এই সন্মান। মেৰীকমৰ উপৰিও উক্ত সমাৰোহত অৰ্থনীতিবিদ কৌশিক বসু, বিশিষ্ট চিকিৎসক এম চাণ্ডীৰ লগতে চন্দ্ৰশেখৰ ঘোষকো প্ৰদান কৰিব সন্মানীয় ডি লিটৰ সন্মান।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনে প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰকো ডি লিট উপাধি প্ৰদান কৰিব বিছাৰিছিল যদিও তেণ্ডুলকাৰে এই উপাধি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in