ভুৱা লিংকে জ্বলা-কলা খুৱাইছে ডি.এল.এডৰ প্ৰশিক্ষাৰ্থী শিক্ষকক

ভুৱা লিংকে জ্বলা-কলা খুৱাইছে ডি.এল.এডৰ প্ৰশিক্ষাৰ্থী শিক্ষকক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ মানব সম্পদ মন্ত্ৰালয়ে ২০০১ চনৰ পৰৱৰ্তী সময়ত চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ বাবে ডি.এল.এড ৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰাৰ সময়তে একাংশ দুষ্ট চক্ৰই সময়ে সময়ে ভুৱা অপপ্ৰচাৰেৰে শিক্ষকসকলক ব্যতিব্যস্ত কৰি তোলাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান (NIOS)ৰ দ্বাৰা মে-জুন মাহতে অনুষ্ঠিত কৰা দুবছৰীয়া প্ৰশিক্ষাৰ্থীসকলৰ প্ৰথম ষাণ্মাসিকৰ ফলাফল ঘোষণাক লৈ ভুৱা লিংক ভাইৰেল হৈ পৰাত বিবুদ্ধিত পৰিছে শিক্ষকসকল। উল্লেখ্য যে উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত অধিকাংশ অপ্ৰাদেশীকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকো অন্তৰ্ভুক্ত হৈ আছে।

একমাত্ৰ বৃত্তিগত অৰ্হতা অৰ্জনৰ লক্ষ্যৰে অভাৱগ্ৰস্ত এইসকল শিক্ষকে কষ্টোপাৰ্জিত ধন ব্যয় কৰি হলেও অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে যোৱা নিশা ফলাফল ঘোষণাৰ ভুৱা লিংকটো ছ'চিয়েল মিডিয়া যোগে লাভ কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল উক্ত লিংকটো ক্লিক কৰাৰ লগে লগে পৰীক্ষাৰ্থীসকলৰ এনৰোলমেণ্ট নম্বৰ আৰু ই-মেইল আই ডি চেট কৰিবলৈ দিয়াৰ নিৰ্দেশনা স্পষ্ট হৈ পৰে।

উক্ত নিৰ্দেশনা অনুসৰি ছেট কৰাৰ লগে লগে স্ক্ৰিণত স্পষ্টভাৱে প্ৰকাশ পাই নম্বৰৰ ভূৱা তালিকা। ইয়াকে লৈ উদগ্ৰীৱ হৈ পৰা প্ৰশিক্ষাৰ্থীসকলৰ হৈ কেন্দ্ৰ সমন্বয়কসকলে উৰ্দ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত সমগ্ৰ ঘটনাটো ভুৱা বুলি নিশ্চিত হয়। সি যি কি নহওক এনে ধৰণৰ ভুৱা ফলাফল ঘোষণাৰ আঁৰত দুষ্ট চক্ৰৰ কি অভিপ্ৰায় নিহিত হৈ আছে সেয়া শিক্ষকসকলৰ বাবে নুবুজা সাথৰ হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in