বাক্সা জিলাৰ তিনিটা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু জিলা প্ৰশাসন…

বাক্সা জিলাৰ তিনিটা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু জিলা প্ৰশাসন…

ডিজিটেল সংবাদ,বাক্সা : অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে বাক্সা জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ কাইলৈ পুৱা ৮ বজাৰ পৰা বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ বৰমা আৰু ৬৩ চাপাগুৰি বিধানসভা সমষ্টিৰ ভোটগণনা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব ৷

যোৱা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত বাক্সা নিৰ্বাচনী জিলাত অনুষ্ঠিত হৈ যোৱা ভোট গ্ৰহণৰ পিচত সম্প্ৰতি এই বিদ্যালয়তে জিলা নিৰ্বাচনী বিভাগে স্থাপন কৰা ষ্ট্ৰং ৰুমত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইভিএমসমূহ ৰখা হৈছে ৷ এই সম্পৰ্কে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই জনায় যে জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে দুটাকৈ হলত ৭ খনকৈ মুঠ ১৪ খন টেবুলত ভোটগণনা কৰা হ'ব ৷

ভোটগণনাৰ বাবে ১৯০ গৰাকী ভোটগণনা চুপাৰভাইজৰ, ভোটগণনা সহকাৰী আৰু মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্যে ভোটগণনাৰ বাবে সাজু কৰি তোলা হৈছে । ভোটগণনাৰ সমস্ত প্ৰক্ৰিয়াটোত সৰ্বমুঠ ২৫০ গৰাকী বিষয়া-কৰ্মচাৰী জড়িত থাকিব ৷ আনহাতে প্ৰতিটো ৰাজনৈতিক দলৰে তিনিওটা সমষ্টিৰ বাবে ১৮ জনকৈ এজেন্ট থাকিব ৷

ইভিএমৰ ভোটগণনাৰ পূৰ্বে ডাকযোগে অহা বেলটৰ গণনা আৰম্ভ হোৱাৰ পিচত ভিভিপেটৰ পৰীক্ষা কৰা হ'ব বুলিও উপায়ুক্ত শৰ্মাই কয় । তেওঁ লগতে কয় যে ভোটগণনা কক্ষত পুৱা ৭ বজাৰ ভিতৰত সকলো ভোটগণনাকাৰী বিষয়া-কৰ্মচাৰী প্ৰৱেশ কৰিব লাগিব আৰু ভোটগণনা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীয়ে বাধ্যতামূলক ক'ভিড পৰীক্ষা কৰিব লাগিব । উপায়ুক্ত গৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে ।

তেওঁ ভোটগণনাৰ দিনা ক'ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে যোৱা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত বাক্সা নিৰ্বাচন জিলাত অনুষ্ঠিত এইবাৰৰ নিৰ্বাচনত ৮০ শতাংশ ভোটদান হৈছিল । এইবাৰৰ নিৰ্বাচনত তামুলপুৰ সমষ্টিত এঘাৰ গৰাকী, বৰমা সমষ্টিত পাঁচ গৰাকী আৰু চাপাগুৰি সমষ্টিত ছয় গৰাকীসহ মুঠ বাইশ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

আনহাতে কালি এক নিৰ্দেশনা মৰ্মে শান্তি-শৃংখলাৰ ৰক্ষাৰ বাবে জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনতে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷ সেই মৰ্মে কোনো স্থানতে ৫ জন বা তাতোধিক লোকে ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব ৷ জিলা প্ৰশাসনৰ অনুমতি অবিহনে কোনো সমদল-সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব ৷

ভোটগণনাৰ পিচত কোনো দল বা প্ৰাৰ্থীয়ে বিজয় সমদল উলিয়াব নোৱাৰাৰ লগতে আটচবাজী আদি ফুটাব নোৱাৰিব ৷ ভোটগণনাৰ দিনা ভাৰতত নিৰ্মিত বিদেশী সুৰা অথবা কোনো নিচা জাতীয় দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব ৷ ষ্ট্ৰং ৰুমৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোকে যান-বাহন লৈ প্ৰৱেশ কৰিব নোৱাৰিব ৷ সামাজিক মাধ্যমত কোনো সাম্প্ৰদায়িক বা প্ৰৰোচনামূলক বক্তব্য প্ৰচাৰ কৰিব নোৱাৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in