চৰাইদেউ সোণাৰিত ক্ৰীড়া সামগ্ৰী বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…

চৰাইদেউ সোণাৰিত ক্ৰীড়া সামগ্ৰী বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…

ডিজিটেল সংবাদ চৰাইদেউঃ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি বৰহাটৰ কৰম ভৱনত অন্তৰ্গত ১৮ টা ক্ৰীড়া ক্লাৱৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে৷ এই উপলক্ষত অনুষ্ঠিত সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি কয়, ক্ৰীড়া আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷

ক্ৰীড়াৰ জৰিয়তে এখন সুস্থ সৱল সমাজ নিৰ্মাণ তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে গাওঁ অঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ উদ্ভাষিত কৰিলেহে জাতি, ৰাজ্য আৰু দেশ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৌৰাৱাম্বিত হ'ব ৷ ক্ৰীড়া আন্তঃগাঁথনিৰ জৰিয়তে অসমৰ খেলুৱৈসকলক ক্ৰীড়া সামগ্ৰী বিতৰণৰ যোগেদি ক্ৰীড়া ক্ষেত্ৰখন উত্তৰণৰ বাবে আমাৰ চৰকাৰে অহোপুৰুষাৰ্থ কষ্ট কৰি আহিছে বুলি উল্লেখ কৰে ৷

সভাত বিজেপি বৰহাট মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক চন্দন সোনোৱাল বৰুৱাছালি জিলা পৰিষদৰ সদস্যা পূৰৱী গগৈকে ধৰি ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in