শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগঃ শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ…

ডিজিটেল সংবাদ, নলবাৰীঃ মহামাৰী কোৰোনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে বৃহস্পতিবাৰে নলবাৰীত তিনিটা মটৰ শ্ৰমিক সংগঠনে বিশেষ উদ্যোগ গ্ৰহণ কৰে। সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলাৰ সমিতিৰ সভাপতি সীমান্ত দাস,কাৰ্যকৰী সভাপতি শৈলেন গোস্বামী, নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি নুৰ হুছেইন আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰছ ফেডাৰেছনৰ অসম ৰাজ্যিক সম্পাদক বীৰেন শৰ্মাৰ নেতৃত্বত বিষয়ববীয়াসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰী বৰকুৰাত চ’কত ৰৈ পথেৰে অহা যোৱা কৰা বাছ আৰু হ্ৰস্ব দূৰত্বৰ টেম্প’, ই-ৰিক্সা আদিৰ চালক,পৰিচালক আৰু হেণ্ডিমেনক মাস্ক আৰু চাবোন প্ৰদান কৰে।

বৃহস্পতিবাৰে ২৫০ গৰাকী শ্ৰমিকৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়। তেওঁলোকে অহা দুদিনৰ ভিতৰত মুঠ এহেজাৰ শ্ৰমিকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিব। সংগঠনকেইটাই প্ৰতিগৰাকী ব্যক্তিকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধুই বীজাণুমুক্ত হ’বলৈ আহ্বান জনায়।।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি