নিৰ্বাচনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে দৰং উপায়ুক্তৰ পৌৰকৰ্মীক টি-ছাৰ্ট বিতৰণ…

নিৰ্বাচনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে দৰং উপায়ুক্তৰ পৌৰকৰ্মীক টি-ছাৰ্ট বিতৰণ…

ডিজিটেল সংবাদ,মঙলদৈ : স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ সমাগত বিধান সভা নিৰ্বাচনত দৰং জিলাৰ অন্তৰ্গত চাৰিওটা বিধান সভা সমষ্টিত অভিলেখ সংখ্যক ভোটদাতাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন । এই উদ্দেশ্যে ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ । ভোটাৰ ৰাইজৰ মাজত 'ছুইপ' (SVEEP) কাৰ্যসূচীৰ অধীনত শুক্ৰবাৰে জিলাৰ ভিন্ন প্ৰান্তত নিৰ্বাচন আয়োগৰ সজাগতা শ্লোগান লিখা থকা টি -ছাৰ্ট বিতৰণ কৰা হয় ।

ইপিনে শুক্ৰবাৰে আবেলি মঙলদৈ পৌৰসভাৰ গাড়ীচালক ,চাফাই কৰ্মী আদি শতাধিক পৌৰকৰ্মীৰ মাজত জিলা উপায়ুক্তৰ উপস্থিতিত নিৰ্বাচন আয়োগৰ শ্লোগান সন্নিবিষ্ট টি- ছাৰ্ট আৰু টুপী বিতৰণ কৰা হয় । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই পৌৰকৰ্মী সকলক সম্বোধন কৰি নিৰ্বাচন আয়োগৰ টি- ছাৰ্ট , টুপী পৰিধান কৰি কৰ্তব্য পালনৰ বাবে ওলাই যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে অধিক জনতাই ভোটদান কৰিলেহে গনতন্ত্ৰ শক্তিশালী হব ।গতিকে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিব লাগে । তদুপৰি উপায়ুক্ত গৰাকীয়ে প্ৰতীকী ভোটগ্ৰহণ কেন্দ্ৰতো উপস্থিত হৈ তদাৰক কৰে । উক্ত কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডি , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ , পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মা, সহকাৰী আয়ুক্ত মনিকা বৰগোঁহাই আদিও উপস্থিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in