দিছপুৰ বিধায়ক আৱাসত কোন এই চোৰ? মৃণাল শইকীয়াৰ পাছত এইবাৰ সুৰেণ ফুকনৰ চাইকেল চোৰ…

দিছপুৰ বিধায়ক আৱাসত কোন এই চোৰ? মৃণাল শইকীয়াৰ পাছত এইবাৰ সুৰেণ ফুকনৰ চাইকেল চোৰ…

ডিজিটেল ডেস্কঃ দিছপুৰত চোৰ। দিছপুৰত থকা বিধায়ক আৱসগৃহৰ পৰা পুনৰ চাইকেল চোৰৰ ঘটনা সংঘটিত হৈছে। ডিগবৈৰ বিধায়ক সুৰেণ ফুকেনৰ আৱাসগৃহৰ পৰা চোৰে লৈ গ'ল বিধায়কগৰাকীৰ পুত্ৰৰ এখন নতুন চাইকেল।

১৮ আগষ্টত বিধায়কগৰাকীয়ে ক্ৰয় কৰা চাইকেলখন ২৩ আগষ্টত বিধায়ক আৱাসৰ পৰাই চোৰে লৈ যোৱা ঘটনাই চৰ্চা লাভ কৰিছে। বিধায়ক আৱাসত চি চি টিভি লগোৱা আছে যদিও চি চি টিভিত চাইকেল খন চোৰে লৈ যোৱাৰ কোনো দৃশ্য নাই। যাৰ বাবে এই চাইকেল চোৰৰ ঘটনাই চৰ্চা লাভ কৰিছে। জানিব পৰা মতে বিধায়কগৰাকীৰ আৱাসগৃহৰ কোঠাৰ তলা ভাঙি চোৰে চাইকেলখন লৈ যায়।

ইফালে মাত্ৰ কেইদিনমান পূৰ্বে দিছপুৰৰ বিধায়ক আৱাসৰ পৰাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ এখন চাইকেল চোৰে লৈ গৈছিল। ইয়াৰ পাছতে বিধায়কগাৰকীয়ে ফেচবুকৰ জৰিয়তে তেওঁৰ চাইকেলখন ঘূৰাই দিবলৈ আহ্বান জনাইছিল আৰু সেই আহ্বান অনুসৰিয়েই তেওঁৰ চাইকেলখন যি স্থানৰ পৰা লৈ গৈছিল সেই স্থানতেই পুনৰ লাভ কৰিছিল।

বিধায়ক মৃণাল শইকীয়াই অৱশ্যে তেওঁৰ চাইকেল চোৰ কৰা ব্যক্তিগৰাকীক অভাৱত পৰি সেই কাম কৰিবলগীয়া হৈছে যদি আৰ্থিক সহায় কৰিব বুলিও উল্লেখ কৰিছিল। সেয়া যিয়েই নহওক দিছপুৰৰ বিধায়ক আৱাসত এটা মাহতে দুখনকৈ চাইকেল চোৰ হোৱা ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

চৌদিশে কঠোৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কিদৰে চোৰে বিধায়ক আৱাসৰ পৰা চোৰ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ সুৰেণ ফুকনৰ আৱাস গৃহৰ তলা ভাঙি চোৰে চাইকেল লৈ যোৱাৰ কোনো দৃশ্য চি চি টিভিত বন্দী নোহোৱা ঘটনাইয়ো বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in