ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী…

ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ ৰাজধানী দিশপুৰত হাজাৰ হাজাৰ প্ৰতিবাদী জনতাৰ ক্ষোভৰ দাবানল লাঠি, গুলী, পানী আৰু কন্দোৱা গেছ বৰ্ষণেৰে নিশা ৬ বজালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষীয়ে। ইফালে, ৰাজধানী দিশপুৰত এই অৱস্থা চলি থকাৰ মাজতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰলৈ বুলি ৰাওনা হ'ব খোজা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৰঝাৰতে আৱদ্ধ কৰি ৰাখে দুঘণ্টাৰো অধিক সময়।

দুঘণ্টাৰ অন্তত কাটৰ বুজনি আৰু প্ৰশাসনৰ নেৰানেপেৰা চেষ্টাত মুখ্যমন্ত্ৰী গৰাকী অৱশেষত তেওঁ বাসভৱনলৈ উভতি আহিবলৈ বাধ্য। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বিতৰ্ক চলি থকা সময়ত আজি সমগ্ৰ দিন ৰাজ্যৰ আৰক্ষী-প্রশাসন, সামৰিক বাহিনী তথা অৰ্ধসামৰিক বাহিনীৰ নেৰানেপেৰা প্ৰচেষ্টা স্বত্বেও অগ্নিবৰ্ষীৰ শ্ল'গানেৰে সমগ্ৰ ৰাজ্য উত্তপ্ত কৰি ৰখা প্ৰতিবাদী জনতাক নিশা পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই।

বিগত কেইটামান দিনত আওৰাই থকা শ্ল'গানক বাস্তৱ দিয়াৰ ৰূপ দিয়াৰ বাবেই যেন আজি অসমৰ প্ৰতিবাদী জনতা নামিছে শৰাইঘাটৰ শেষ ৰণত। যাৰস্পষ্ট ছবি ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটৰ কথা বাদেই ৰাজধানী দিশপুৰতে সকলোৱে আজি প্ৰত্যক্ষ কৰিছে। তথাপিও যদি দিল্লীত ভোটৰ বলেৰে কেব গ্ৰহণৰ ক্ষেত্ৰত দিল্লীৰ চৰকাৰে পুনৰ বিবেচনা কৰাৰ চিন্তা নকৰে, তেনেহ'লে অনাগত সময়ত অসমত কেনে ভয়ানক পৰিস্থিতিৰ সৃষ্টিহ'ব পাৰে, দিশপুৰৰ গাদীত থকা নেতা-মন্ত্ৰীসকলৰ কি দশা হ'ব পাৰে আজি যেন তাৰেই আগজাননীও পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in