গ্ৰেপ্তাৰ হ’ল শিখা শৰ্মা…

গ্ৰেপ্তাৰ হ’ল শিখা শৰ্মা…

ডিজিটেল ডেস্ক : ফেচবুকত বিতৰ্কিত পোষ্ট দিয়াৰ বাবে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ গৰিছে শিখা শৰ্মা নামৰ মহিলা গৰাকীক । ছত্তীশগড়ত শ্বহীদ হোৱা অসমৰ দুই বীৰ জোৱানৰ প্ৰতি ফেচবুকত অসন্মান জনক মন্তব্য কৰিছিল শিখা শৰ্মাই ।

এই সন্দৰ্ভত দিছপুৰ থানাত দুগৰাকী অধিবক্তাই ৰুজু কৰিছিল গোচৰ । দিছপুৰ আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল শিখা শৰ্মাক । তাৰ পিছতেই গ্ৰেপ্তাৰ কৰে তেওঁক । উল্লেখযোগ্য যে ছত্তীশগড়ৰ বীজাপুৰত মাওবাদীৰে হোৱা সংঘৰ্ষত অসমৰো দুই জোৱান শ্বহীদ হৈছিল । তেওঁলোক ক্ৰমে সৰুপেটাৰ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভা আছিল । শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ ১২৮১/২১ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in