দিছপুৰৰ কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী, অগ্নিশৰ্মা হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য! EXCLUSIVE VIDEO

দিছপুৰৰ কাৰ্যালয়ত নাই বিষয়া-কৰ্মচাৰী, অগ্নিশৰ্মা হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য! EXCLUSIVE VIDEO

ডিজিটেল ডেস্কঃ কৰ্মসংস্কৃতি বৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীসকলক অধিক মনোনিবেশ কৰিবলৈ অনুৰোধ কৰিলেও খোদ দিছপুৰতে নাই এতিয়া কৰ্মসংস্কৃতিৰ পৰিৱেশ।সপ্তাহৰ প্রথমটো দিন অৰ্থাৎ সোমবাৰে দিছপুৰ এইচ ব্ল'কত থকা বন আৰু পৰিৱেশ বিভাগৰ কাৰ্যালয়ত বিভাগটোৰ বিষয়া-কৰ্মচাৰীক বিচাৰি হাহাকাৰ কৰিব লগা হ'ল বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

মন্ত্ৰীগৰাকী আকস্মিকভাৱে গৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত একাংশ বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নথকাত আচৰিত হৈ পৰে। লক্ষণীয় যে, এই বিভাগটোৰ বিষয়া-কৰ্মচাৰী টেবুলত থাহ খাই পৰি আছে শ শ ফাইল।

বনমন্ত্ৰীগৰাকীয়ে বিষয়া-কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ এই বিষয়টো পৰিদৰ্শনস্থলীৰ পৰাই অৱগত কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক। ক্ষোভিত বনমন্ত্ৰীগৰাকীয়ে বিভাগটোৰ এই কৰ্মচাৰী-বিষয়াসকলৰ অনুপস্থিতি সন্দৰ্ভত যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰি তেনে বিষয়া-কৰ্মচাৰীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in