শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

অসমৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু কৃষক মুক্তি, আন্দোলনৰ সমান্তৰালভাৱে চলিব আইনী যুঁজোঃ কেববিৰোধী প্ৰতিবাদত কপিঁল দিছপুৰ…VIDEO

482

ডিজিটেল ডেস্কঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনোৱাৰ পিছত অধিক তীব্ৰতৰ হৈ উঠিছে দল–সংগঠনৰ আন্দোলন। বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ লাষ্টগে’ট প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি।

হাতে হাতে CABবিৰোধী বেনাৰ–পোষ্টাৰ লৈ সহস্ৰাধিক প্ৰতিবাদীয়ে কঁপাই তুলিলে দিছপুৰৰ লাষ্টগে’ট। জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি চৰকাৰক কঠোৰ সকীয়নি দিয়ে প্ৰতিবাদকাৰীয়ে।

সংবাদমাধ্যমক কৃষক নেতা অখিল গগৈয়ে কয় – ‘১৭ বাৰ আক্ৰমণ কৰিও মোগলে অসম দখল কৰিব পৰা নাছিল। ২০২১ চনত অসম আৰু গেৰুৱা হৈ নাথাকে। অসমৰ মানুহে বিজেপিৰ ষড়যন্ত্ৰ ভালকৈয়ে বুজি পাইছে। কেব গৃহীত হ’লেও এজনো বিদেশীক অসমৰ মাটিত থাকিবলৈ দিয়া নহ’ব। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আন্দোলনৰ লগতে সমান্তৰালভাৱে চলিব আইনী যুঁজো। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি। দুৰ্বল নহ’ব ৰাজপথৰ আন্দোলনো। অসমৰ বাবে সকলো ত্যাগৰ বাবে সাজু আছে কৃষক মুক্তি।’

আছুৰ সৈতে ঐক্যবদ্ধ আন্দোলনৰো পোষকতা কৰে অখিল গগৈয়ে। এয়া অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰে অখিল গগৈয়ে। ইফালে লাষ্টগে’টৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিবাদকাৰীক গোৱালপাৰাৰ কৃষ্ণাইত ৯৮জন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তিনিখন বাছসহ কৃষক মুক্তিৰ সদস্যসকলক আটক কৰে কৃষ্ণাই আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি